বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিবাহ।
ইতিমধ্যে সম্পন্ন হ’ল ক’ৰ্ট মেৰিজো। নিৰ্বাচনৰ আগে আগে হাজো সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিবাহ অনুষ্ঠান।
হয়, আপুনি ঠিকেই শুনিছে সুমন হৰিপ্ৰিয়াৰ বিবাহৰ কথা।
মাত্ৰ ৫ বছৰৰ বাবে সুমন হৰিপ্ৰিয়াই ক’ৰ্ট মেৰিজ কৰিলে হাজোৰ অগপৰ সৈতে। এই মন্তব্য প্ৰদান কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই।
দলীয় টিকটক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে হাজো বিজেপি আৰু অগপ দলে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছিল প্ৰতিবাদ।
সকলো পৰিহাৰ কৰি এতিয়া মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ সংকল্প হাজোৰ AGP-BJPৰ কৰ্মকৰ্তাসকলৰ।
মঙলবাৰে নিশা অগপৰ হাজোৰ মুখ্য কাৰ্যালয়ত বিধায়িকা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাত অগপৰ কাৰ্যকৰ্তাসকলে ফটকা ফুটাই, মিঠাই খুৱাই আদৰণি জনালে সুমন হৰিপ্ৰিয়াক।
আগন্তুক বিধানসভা নিৰ্বাচনত হাজোৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ পণ লয় দুয়োটা দলৰ কৰ্মীসকলে।
অনুষ্ঠানত উপস্থিত থাকি সুমন হৰিপ্ৰিয়াই কয় যে, ‘হাজোত বিৰোধীৰ কোনো অস্তিত্ব নাই।’
লগতে তেওঁ অগপ দলৰ সৈতে চুক্তি পত্ৰত স্বাক্ষৰ কৰি হাজো সমষ্টিত আগন্তুক ৫ বছৰৰ অগপৰ সৈতে ক’ৰ্ট মেৰিজ কৰিলে বুলি মন্তব্য প্ৰদান কৰে।
Photo: Headline8
Input: Mridul Pritam Deka