গুৱাহাটীঃ ম্যানমাৰৰ পৰা চোৰাং বার্মিজ চুপাৰিৰ ব্যৱসায়েৰে কোটিপতিৰ তালিকাত নিজৰ নাম অন্তর্ভুক্ত কৰা চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক বঙাইগাঁৱৰ এটা গোচৰৰ ভিত্তিত যোৱা ১৯ জুলাইত গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতে কালি অসম আৰক্ষীৰ হাতৰ পৰা আগ্নেয়াস্ত্র কাঢ়ি লৈ পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে ভৰিত গুলী কৰে৷
কালিৰ এই ঘটনাৰ পাছত বাবলুৰ গোলাঘাটৰ নিজা বাসভৱনৰ আধাৰসত্র অঞ্চলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ আজি আধাসত্রৰ গোসাই সত্রৰ এফ এম আৰ স্মার্ট স্কুলত আয়োজন কৰা এখন সংবাদমেলত চৰকাৰ, সংবাদ মাধ্যম, আৰক্ষীৰ লগতে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক তীক্ষ্ন সমালোচনা কৰে৷ চৰকাৰক কোটি কোটি টকাৰ আয়কৰ দিয়া অসমীয়া খিলঞ্জীয়া চুপাৰি ব্যৱসায়ী আব্দুল হান্নান কেনেকৈ মাফিয়া হ’ল বুলি প্রশ্ন কৰি কৃষক নেতা অখিল গগৈয়ে ৩ কোটি টকা আব্দুলৰ পৰা দাবী কৰিছিল বুলি অভিযোগ কৰে৷
দাবী কৰা ধন নিদিয়াৰ বাবেই নিজকে কৃষক নেতা বুলি পৰিচয় দিয়া অখিল গগৈয়ে আস্ফালন কৰি আছে বুলিও অভিযোগ কৰে সংবাদমেলত FM food processing and agro based industries pvt ltd কর্মচাৰী মাধৱ শইকীয়া আৰু তেওঁৰ সহযোগীসকলে৷ চুপাৰি মাফিয়াক অন্নদাতা, সমাজকর্মী আদি সজোৱাত নামি পৰিছে চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুৰ কোম্পানী৷ আৰক্ষীৰে গুলীত গুলীবিদ্ধ হোৱা আব্দুল হান্নানৰ কোম্পানীৰ কর্মচাৰীয়ে এক সংবাদমেল সম্বোধন কৰি আজি তাৰেই উক্তি দাঙি ধৰিলে৷
সংবাদমেলত আব্দুল হান্নানৰ কোম্পানীৰ পৰিচালক মাধৱ শইকীয়াই কয় যে কৃষক নেতা অখিল গগৈয়ে এটা সময়ত সংগঠন চলাবৰ বাবে আব্দুল হান্নানৰ পৰা তিনি কোটি টকা বিচাৰিছিল আৰু দাবী কৰা ধন নিদিয়াৰ বাবে লম্ফ-জম্ফ কৰি আস্ফালন কৰি আছে বুলি প্রকাশ কৰে৷ ২০১৮-১৯ আৰু ২০১৯-২০ চনত আব্দুল হান্নানে চৰকাৰক মুঠ ১২,৩৫,৮৩,৯১৪ টকাৰ আয়কৰ আৰু ২০,১১,৪৮,৩০০ টকাৰ জি এছ টি প্রদান কৰিছে৷ তেনেস্থলত আব্দুল হান্নান কেনেকৈ মাফিয়া হ’ল বুলি প্রশ্ন কৰে৷ কভিডৰ বাবে প্রায় দুটা বছৰ চুপাৰি ব্যৱসায় বন্ধ হৈ আছে বুলি উল্লেখ কৰি কয় যে পৰিকল্পিতভাৱে বাবলুক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে গুলীয়াইছে৷
গুলীচালনা কৰা ঘটনা সম্পূর্ণ পৰিকল্পিত বুলি অভিযোগ কৰি আৰক্ষীয়ে আব্দুল হান্নানক হত্যা কৰাৰ ষড়যন্ত্র কৰা বুলি অভিযোগ কৰে৷ লগতে সংবাদমেলত কয় যে এগৰাকী যুৱ ব্যৱসায়ী তথা সমাজকর্মী আব্দুলে যোৱা লকডাউনত হাজাৰ হাজাৰ পৰিয়ালক খাদ্য যোগান ধৰিছিল৷ বিগত লকডাউনৰ সময়ছোৱাত মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ ১৫ লাখ টকা আগবঢ়াইছিল৷ বঙাইগাঁও থানাত পঞ্জীয়নভুক্ত 460/2021 গোচৰত আব্দুল হান্নান কোনো প্রকাৰে অভিযুক্ত নহয় বুলি উল্লেখ কৰি কয় যে হেণ্ডকাফ লগোৱা অৱস্থাত কেনেকৈ পলাব পাৰে বুলি প্রশ্ন কৰে৷
বাবলুৰ অবিহনে অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰত চৌকা নজ্বলে বুলি উল্লেখ কৰি পুনৰ সংবাদমেলত কয় যে ২০১৭ চনৰ পৰা বাবলুৱে চুপাৰিৰ ব্যৱসায় কৰি আহিছিল৷ এই চুপাৰি ব্যৱসায়ৰ জৰিয়তে বাবলুৱে বহু লোকক সংস্থাপন দি আহিছে৷ দৰিদ্র লোকৰ বাবে বাবলু দুখীয়াৰ বন্ধু হিচাপে পৰিচিত৷ উজনি অসমৰ বহু দৰিদ্র ৰোগী, দৰিদ্র পৰিয়ালক বিভিন্ন সময়ত সকাহ দি আহিছে বাবলুৱে৷ এই ব্যৱসায়ত প্রত্যক্ষ বা পৰোক্ষভাৱে হাজাৰোধিক লোক উপকৃত হৈ আহিছে৷ কভিডৰ বাবে প্রায় দুটা বছৰ বাবলুৰ চুপাৰি ব্যৱসায় বন্ধ হৈ থকাৰ পাছতো বঙাইগাঁও আৰক্ষীয়ে ক’ত পালে সেইখন চুপাৰি ভর্তিট্রাক৷
সংবাদমেলত আৰক্ষী, চৰকাৰক সমালোচনা কৰাৰ সমান্তৰালকৈ সাংবাদিককো একপ্রকাৰৰ সমালোচনা কৰে ৷ সংবাদ মাধ্যমত প্রকাশিত চুপাৰি মাফিয়া, কুখ্যাত আদি শব্দ ব্যবহাৰ কৰাটো কিমান সমীচীন বুলি উল্লেখ কৰি এক প্রকাৰ চোকা সমালোচনা কৰে৷ আনফালে বাবলুৰ এই ঘটনাৰ ন্যায় বিচাৰি একাংশ লোকে হাতে হাতে প্লেকার্ড লৈ ৰাজপথত প্রতিবাদ কৰাও পৰিলক্ষিত হয়৷