ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন “অসম মহিলা অভিযন্তা সংস্থা” আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া উদ্যোগত ৮ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ত এখন পৰিৱেশ সজাগতা সভা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পুৱা ৯ বজাত বিদ্যালয় চৌহদত গছপুলি ৰোপণৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে – অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়াই। তেনেদৰে সংস্থাৰ সম্পাদিকা অন্তৰা বৰুৱা আৰু সংস্থাৰ বিষয়ববীয়া আৰু সদস্যা সকল, বিদ্যালয়ৰ অধ্যক্ষা শুভলক্ষ্মী বৰুৱাকে ধৰি সমূহ শিক্ষয়িত্ৰী , ছাত্ৰীসকলেও গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লয়।
আনহাতে গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ বিদ্যালখনৰ ছাত্ৰী সকলে পৰিবেশন কৰা এক সৰস্বতী বন্দনাৰে শুভাৰম্ভ হোৱা সভাত হোৱা নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই ভাষণ প্ৰসংগত পৰিবেশ সংৰক্ষণত ছাত্ৰী সকলৰ দায়িত্বৰ ওপৰত চমুকৈ আলোকপাত কৰে অাৰু ইয়াক জীৱনৰ এক অংগ হিচাপে লবলৈ আহ্বান জনায়। সভাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়া ডঃ অনুৰাধা গগৈয়ে বায়ু প্ৰদূষণৰ ওপৰত এক পাৱাৰ পইন্ট প্ৰেজেণ্টশ্যন আগবঢ়ায় ৷ সভাত সংস্থাৰ তৰফৰ পৰা ছাত্ৰী সকলৰ মাজত পৰিবেশ সজাগতা সম্বন্ধে একোখনকৈ হস্তপুস্তিকাও বিতৰণ কৰা হয়৷ ইয়াৰ উপৰিও কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কীয় এক আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয় ৷ দুটা শাখাত অনুষ্ঠিত প্ৰ্তিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক সংস্থাৰ তৰফৰ পৰা নগদ ধনেৰে পুৰস্কৃত কৰা হয়৷ শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ মৃণালিনী দাসে।