ক’ৰোনা কালৰ মাজতে সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২১-২২ৰ বাজেট দাখিল কৰিলে।
বিত্ত মন্ত্ৰী কেইবাটাও বৃহৎ ঘোষণা কৰে কিন্তু সকলোৰে চকু নিৰ্বাচনী ৰাজ্যক লৈ হ’বলগীয়া ঘোষণাৰ ওপৰত আছিল।
বিত্ত মন্ত্ৰী নিৰ্বাচনী ৰাজ্যসমূহক নিৰাশ নকৰিলে আৰু কেইবাটাও বৃহৎ ঘোষণা কৰে।
পশ্চিমবংগ, তামিলনাডু কেৰেলা আৰু অসমৰ বাবে বিত্ত মন্ত্ৰীগৰাকীয়ে যিমান সম্ভৱ সিমান টকা আবণ্টন কৰে।
নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত ৰোড আন্তঃগাঠনিৰ বাবে মুঠ ২.২৭ লাখ কোটি টকা ঘোষণা কৰিছে।
এই ঘোষণাত গুৰুত্বপূৰ্ণ কথাটো হ’ল যে পশ্চিবগংতকৈ বেছি গুৰুত্ব দিয়া হ’ল তামি়লনাডুক।
বিত্ত মন্ত্ৰীগৰাকীয়ে ক’লে, ”পশ্চিমবংগত কলকাতা-শিলিগুৰীৰ বাবে নেচনেল হাইৱে’ প্ৰজেক্ট হ’ব।
পশ্চিমবংগৰ ৰাজপথসমূহত ব্যয় কৰা হ’ব ২৫ কোটি টকা। পশ্চিমবংগত ৬৭৫ কিলোমিটাৰ ৰাজপথৰ নিৰ্মাণ কৰা হ’ব।”
ইয়াৰ লগতে বিত্ত মন্ত্ৰীয়ে তামিলনাডু, কেৰালা আৰু অসমৰ বাবে বৃহৎ ঘোষণা কৰে।
তেওঁ ক’লে, ”৩৫০০ কিঃমিঃ নেচনেল হাইৱেজ প্ৰজেক্টৰ আধাৰত তামিলনাডুত ১.০৩ লাখ কোটি টকা ব্যয় হ’ব।
ইয়াৰ কাম আগন্তুক বৰ্ষত আৰম্ভ হ’ব। ১১০০ কিঃমিঃ নেচনেল হাইৱে কেৰালাত নিৰ্মাণ হ’ব।
ইয়াৰ আধাৰত মুম্বাই-কন্যাকুমাৰী কৰিডৰো নিৰ্মাণ হ’ব।
কেৰেলাত ইয়াৰ ওপৰত ৬৫ হাজাৰ কোটি টকা ব্যয় হ’ব। ৩৪ হাজাৰ কোটি টকা অসমৰ নেচনেল হাইৱেজত ব্যয় হ’ব।
বাজেটত উল্লেখ কৰা অনুসৰি অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ১৯হাজাৰ কোটি টকা ব্যয় কৰা হ’ব।
আগন্তুক তিনি বছৰৰ ভিতৰত অসমত ১৩০০ কিলোমিটাৰ ঘাইপথ উন্নতিৰ বাবে কাম কৰা হ’ব।
ইয়াৰ বাহিৰে উল্লেখ কৰা অনুসৰি ২০২২ৰ মাৰ্টৰ ভিতৰত দেশত মুঠ ৮৫০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ আৰু উন্নতি কৰা হ’ব।
লগতে অসমৰ বাবে বিশেষ চাহ-বাগিছাৰো ঘোষণা এইবাৰ ২০২১ কেন্দ্ৰীয় বাজেটত ।
Photo: Google