সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ডাঙৰ উপহাৰ দিয়ে ৰাইজক।
নিজৰ বাজেট ভাষণৰ সময়ছোৱাত বিত্ত মন্ত্ৰীয়ে ষোষণা কৰিলে যে স্বাস্থ্য বিভাগৰ বাজেট ৯৮ হাজাৰ কোটিৰ পৰা বৃদ্ধি কৰি ২ লাখ ২৩ হাজাৰ ৮৪৬ কোটি টকা কৰিছে।
লোকসভাত সীতাৰমণে ক’লে যে ক’ৰোনা ভেকচিনেচনৰ বাবে এই বাজেটত ৩৫ হাজাৰ কোটি টকা ৰখা হৈছে।
যদি আগলৈও প্ৰয়োজন হয় তেন্তে ফাণ্ড বিনাচৰ্তে পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
ইফালে স্বাস্থ্য সন্দৰ্ভত মুঠ ২.৪ লাখ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে।
ক’ৰোনাক লৈ বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে আৰু ভাৰতে এই মহামাৰীৰ সৈতে যুঁজ দিবলৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
বিত্ত মন্ত্ৰীয়ে ক’লে যে ক’ৰোনা মহামাৰীয়ে আমাৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিছে।
ক’ৰোনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিছে।
Photo: Google