অযোধ্যাৰ NH27ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
ৰোডবেজত বাছ আৰু ট্ৰেলৰৰ মুখামুখি সংঘৰ্ষত ৬জন লোকে প্ৰাণ হেৰুৱালে।
এই দুৰ্ঘটনাটোত ২জন লোক গুৰুতৰভাৱে আহত হয়।
আহতসকলক লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে। ইফালে সামান্যভাৱে আহতসকলক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাটো সেই সময়ত সংঘটিত হয় যেতিয়া কানপুৰৰ পৰা বস্তীলৈ ওলোৱা দুখন ৰোডবেজৰ বাছ এটা লেনতে চলি আছিল।
সেই সময়তে হঠাৎ দুয়োখনৰ মাজত হয় মুখামুখি সংঘৰ্ষ।
কিন্তু দুৰ্ঘটনাটোত কোনো হতাহত হোৱা নাছিল।
কিন্তু ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ দুয়োখন বাছৰ পৰা নামি আহিছিল যাত্ৰী আৰু তেতিয়াই এখন ট্ৰেলৰে এখন বাছক খুন্দা মাৰে য’ত ৮জন লোক আহত হয়।
দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই তাত উপস্থিত হোৱা আৰক্ষীয়ে আহতসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাতে ৪জন লোকক মৃত বুলি ঘোষণা কৰে।
কিছু সময়ৰ পিছত অন্য ২জন লোকে জীৱন যুঁজত হাৰ মানে।
Photo: Google