মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। গুৱাহাটীৰ ভঙাগড়ৰ হাবৰ সমীপত পানীৰ পাইপ ফুটি ৰাজপথ জলমগ্ন হৈ পৰিছে। জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ৭ বজাতে পানীৰ পাইপ ফুটিছিল আৰু ইয়াৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবাটাও স্থানতে পানীৰ পাইপ ফুটিছে। প্ৰথমতে খাৰঘূলিত ভয়ংকৰ জলবিস্ফোৰণ সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত ৰাজগড়, মালিগাঁও আৰু হাতীগড় চাৰিআলিতো পানী পাইপ ফুটাৰ ফলত অঞ্চলবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰা দেখিবলৈ পোৱা গৈছিল। এতিয়া যেন গুৱাহাটীত পানীৰ পাইপ ফুটি পানী নিৰ্গত হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে। খাৰঘূলিত সংঘটিত হোৱা ভয়ংকৰ জলবিস্ফোৰণৰ ফলত এগৰাকী মহিলাই মৃত্যুক সাৱটিবলগীয়া হৈছিল। এফালে কোনো ঠাইত এই ঘটনাই কালৰূপ ধাৰণ কৰিছে, আকৌ কোনো ঠাইত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। তথাপিও যেন এনে ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে। প্ৰশাসনে এনে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে বা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।