গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত ১৬ ফেব্ৰুৱাৰীত পথাৰ দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ হাজোৰ সমীপৰ কুলহাটী কোণাদিয়া গাঁৱত এটি প্ৰশিক্ষণ আৰু পদ্ধতি প্ৰদৰ্শন কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰম ২০২৪ (RHWEP’24) অনুসৰি উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড⁰ ধীৰেন্দ্ৰনাথ কলিতা ,বিষয়বস্তু বিশেষজ্ঞ ড⁰ ৰিজ্জানুল হেলিম,গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজসমূহ উপস্থিত থাকে।
সৰিয়হ খেতিৰ ওপৰত মূল্যবান ভাষণ প্ৰদান কৰে ড⁰ ধীৰেন্দ্ৰনাথ কলিতা আৰু ড⁰ ৰিজ্জানুল হেলিমে। ইয়াৰ লগতে গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা কাৰ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে পাতৰ মুকুলৰ পৰা পুলি প্ৰস্তুত, কাজি নেমুৰ ডাল ধৰা,চপোৱাৰ পিছৰ পেকেজিং সামগ্ৰী, ডিজিটেল প্ৰযুক্তিৰে কৃষি খণ্ডৰ উন্নয়ন’ আদিৰ ওপৰত প্ৰশিক্ষণ আৰু পদ্ধতি প্ৰদৰ্শন কৰে।