গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সুৰজিৎ একাডেমীয়ে সাংস্কৃতিক জগতলৈ বিশেষ অৱদান আগবঢ়াই আহিছে। একাডেমীয়ে অসমৰ লোক কলা শিশু, যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ, কৰ্মশালা, সমাৰোহ অনুষ্ঠিত কৰি আহিছে।
চলিত বৰ্ষতো একাডেমীখনে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত গুৱাহাটীৰ পাণ্ডুৰ টেম্পল ঘাটত থকা ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা”গৌৰৱজ্বল পুতলা নাচ শিল্প আৰু ইয়াৰ সামাজিক গুৰুত্ব”ৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু সমাৰোহৰ শুক্ৰবাৰে শুভাৰম্ভ হয়।
আলোচনা চক্ৰখনি শুভ উদ্বোধন কৰে স্বনামধন্য যশস্বী অভিনেতা, পৰিচালক, নাট্যকাৰ প্ৰভাত গোস্বামীয়ে।সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনৰ অধ্যক্ষা ড• গীতাঞ্জলি চৌধুৰীৰ লগতে ‘শিক্ষা পুতলাৰ ভূমিকা ‘বিষয়ৰ ওপৰত আলোকপাত কৰে কলিকতাৰ পৰা আমন্ত্ৰন জনাই অনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুতলা নাচৰ শিল্পী সুভাশিস সেনে। আনহাতে আলোচনা চক্ৰৰ পিছতেই নলবাৰীৰ পৰা আমন্ত্ৰন জনাই অনা বাসুদেৱ পুতলা নাচৰ শিল্পী দলে পৰিচালনা প্ৰণৱ শৰ্মাৰ “শ্ৰীকৃষ্ণৰ জন্মাষ্টমী” নাট পৰিবেশন কৰে।