গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা “আসাম গট’ টেলেণ্ট” নামৰ ৰিয়েলেটি শ্ব’ৰ অষ্টম সংস্কৰণৰ বিজয়ী প্ৰতিযোগীৰ নাম সমুহ ঘোষণা কৰা হৈছে প্ৰতিযোগিতাত নৃত্য পৰিৱেশন কৰা অনুষ্কা পেগুয়ে শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে। ইয়াৰোপৰি নৃত্য পৰিৱেশন কৰা লাৰিন্সা বসুমতাৰীয়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু গীত পৰিৱেশন কৰা জিঞ্জিৰি বৰাই দ্বিতীয় ৰাণাৰ্ছ আপ হিচাপে নিৰ্বাচিত হয়। উক্ত অনুষ্ঠানৰ আয়োজক ৰেইনবো এণ্টাৰটেইনমেণ্ট মুখ্য কাৰ্যবাহী বিষয়া চনু চৌধুৰীয়ে শণিবাৰে এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰে।
উদ্যোক্তাৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰিয়েলেটি শ্ব’ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১ হাজাৰ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছিল। যোৱা বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এই ৰিয়েলেটি শ্ব’ৰ চূড়ান্ত প্ৰতিযোগিতাখন ২০ জানুৱাৰীত গুৱাহাটীৰ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ৰাজ্যৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভাশালী যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে ২০১৬ চনৰ পৰা প্ৰতিবছৰে সংস্থাটোৱে এই প্ৰতিযোগিতা আয়োজন কৰি আহিছে ।