ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ পাটগাঁৱত তিনিদিন ধৰি এটা বনৰীয়া (মখনা) হাতীয়ে পাটগাঁৱত গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰি ৰাখিছে। যোৱা তিনিদিন ধৰি নিশা হ’লেই ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা অহা হাতীটোৱে বাৰীৰ কল, কঁঠাল, তামোল, নাৰিকল আদি খাই তহিলং কৰি ফুৰিছে। নিশা হ’লেই নামনিলৈ অহা হাতীটোৱে প্ৰথম দিনাখন ৭ বাজি ৪৫ মিনিটত পাটগাঁও দুৰ্গা মন্দিৰৰ পূৱ প্ৰান্তত অৱস্থিত নাগনি গাত থকা পিনৰ পৰা আহি দলে বড়োৰ পদূলি মুখৰ দুঠাইত বেৰ ভাঙি কন্দৰ্প বড়োৰ ঘৰৰ সম্মুখ পায়হি। লগে লগে ফটকা ফুটোৱাৰ পিছত আকৌ কান্তেশ্বৰ বড়োৰ বাৰীত সোমাই বহু সময় ক’ল গছ খায়। তাৰ পৰা আকৌ ঘূৰি আহি নিশা ১:৩০ বজাত বসন্ত বসুমটাৰীৰ ঘৰৰ বাৰীত সোমাই কল আৰু পদূলি মুখত থকা কঁঠাল খাই থকা অৱস্থাত নিশা পথেৰে অহা ব্যক্তিক প্ৰায় তিনি-চাৰিবাৰ চোঁচা লয়। বাৰীৰ কল খাই ৰাতিপুৱাহে তাৰ পৰা আতৰি যায়।
২য় দিনাখনো ৮ মান বজাত একেই পথেৰে আহি কন্দৰ্প বড়োৰ ঘৰৰ সন্মুখ পায়হি। খেদিবলৈ বহু সময় চেষ্টা কৰিও খেদিব পৰা নাছিল। এটা সময়ত টৰ্চ লাইট দিয়াৰ লগে লগে কন্দৰ্প বড়োৰ পিনে চোঁচা। লগতে থকা বাকীবোৰে ফটকা ফুটাই হৈ-হাল্লা কৰাৰ পিছত কিছু দূৰলৈ উভতি যায় যদিও পুনৰ কান্তেশ্বৰ বড়োৰ বাৰীত কল গছ খাই ৰাতিপুৱাহে জংঘললৈ উভতি যায়। আনদিনাৰ দৰে যোৱা কালিও নিশা ১১ বাজি ৫০ মিনিটত কান্তেশ্বৰ বড়োৰ বাৰীত সোমাই কল খাই থকা অৱস্থাত ফটকা ফুটাই খেদিবলৈ চেষ্টা কৰে। যদিও বিফল হয়। কিছু সময় পিছত কল গছ শেষ হোৱাৰ পিছত পথেৰে আহি দূৰ্গা মন্দিৰৰ মূল দ্বাৰেৰে সোমাই মন্দিৰৰ দেৱাল ভাঙি পুনৰ প্ৰফুল্ল স্বৰ্গীয়াৰীৰ দেৱাল ভাঙি কল, তামোল আৰু নাৰিকল খোৱাৰ উপৰি বহুকেইডাল কল, তামোল আৰু নাৰিকল ভাঙি নষ্ট কৰে। পিছত পুনৰ আন এঠাইৰে দেৱাল ভাঙি কৃঞ্চ দৈমাৰী আৰু পুলিন দৈমাৰীৰ বাৰীত সোমাই কল, কঁঠাল আৰু বাঁহৰ গঁজা খোৱাত ব্যস্ত হৈ পৰে। ৰাতিপুৱাহে তাৰ পৰা আতৰি যায়। হাতীটো দিনৰ ভাগতো পাহাৰৰ নামনি অংশতে থাকে। এইদৰে গোটেই নিশাটো পাটগাঁৱৰ কোনোবা নহয় কোনোবাৰ বাৰীত সোমাই খাদ্য বিচাৰি ফুৰে মখনা হাতীটোৱে । আনফালে যোৱা ২৮ জুন, ২০২৩ তাৰিখে নিশা ছাটাৰগাঁৱত কাঞ্চন বালা ৰাভাক হত্যা কৰা হাতীটোৱে হয় বুলি নিশ্চিত হৈছে। যদিহে এইদৰে থাকে আন কোনোবা ব্যক্তি মৃত্যুৰ মুখত পৰাতো নিশ্চিত। হাতীটো মানুহ দেখিলেই মানুহৰ পিনে চোঁচা লয় । তাৰোপৰি যোৱা প্ৰায় এসপ্তাহমান ধৰি ৬ টা হাতীৰ দ’ল পাটগাঁৱৰ পাহাৰৰ নামনিত থিতাপি লৈ আছে । যদিও হাতীৰ জাকটোৱে কোনো অসুবিধাৰ সৃষ্টি কৰা নাই।