ৰাজধানী মহানগৰী গুৱাহাটীৰ পশ্চিম প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাই আহিছে বনৰীয়া হাতীৰ উপদ্ৰৱ। আহাৰ মাহৰ আৰম্ভণিৰ লগে-লগে শালিধানৰ খেতি ৰোৱাৰ বাবে সমগ্ৰ ৰাজ্যখনৰ লগতে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ কৃষিজীৱী গঞাইয়ো যাৱতীয় প্ৰস্তুতি চলাইছে। মহানগৰীৰ বৃহত্তৰ ৰাণী অঞ্চলৰ নিৰলপুৰ, বিক্ৰমপুৰ, পাজিবিন্ধা, নালাপাৰা, বেলগুৰি, খপেগাওঁ, পুখুৰীপাৰ, চেচা, মৈৰাপুৰ, মানিকপুৰ, পাত হালধীয়া, পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষিজীৱী গঞাই শালিধানৰ খেতি আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত কঠিয়া সিঁচিছিল যদিও বনৰীয়া হাতীৰ উপদ্ৰবে কৃষক ৰাইজৰ যথেষ্ট ক্ষতিসাধন কৰিছে। এই সন্দৰ্ভত ৰাণী মৈৰাপুৰ আঞ্চলিক বনৰীয়া হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ , সম্পাদক বিনয় দাস, বিক্ৰমপুৰৰ উদীয়মান যুৱ কৃষক জোন ৰাভা, আদৰ্শ কৃষক ৰজনী দাসকে ধৰি স্থানীয় কৃষিজীৱী গঞাই জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা পোৱালীসহ ২৫ ৰ পৰা ৩০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই উক্ত অঞ্চল বিশেষত সোমাই প্ৰায় ৫০ বিঘা মাটিত ৰুব পৰাকৈ ইতিমধ্যে সিঁচা শালিধানৰ কঠিয়া নষ্ট কৰি পেলাইছে।
তদুপৰি বনৰীয়া হাতীৰ জাকটোৱে স্থানীয় গৃহস্থৰ ঘৰ-বাৰীত সোমাই কুঁহিয়াৰ-কল-কঁঠাল আদি খাই তহিলং কৰিছে। কৃষিজীৱী গঞাই বহু কষ্টৰে সাঁচি ৰখা শালিধানৰ বিধানৰ কঠিয়া সিঁচিছিল যদিও বনৰীয়া হাতীয়ে কঠিয়াবোৰ খাই আৰু ভৰিৰে গছকি আধা কঠীয়া নষ্ট কৰি পেলোৱাত কৃষক ৰাইজৰ মূৰত স্বৰগ ভাগি পৰিছে । উল্লেখনীয় যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ইতিপূৰ্বে সংশ্লিষ্ট বন বিভাগে উক্ত অঞ্চল বিশেষত “চলাৰ ফেনচিং” দিছিল যদিও পৰৱৰ্তী সময়ত তেনে “চলাৰ ফেনচিং” নিষ্ক্ৰিয় হৈ পৰিছে। ইফালে হাতীৰ জাকটোৱে পথাৰৰ মাজত একাংশ কৃষকে জিৰণি লোৱাৰ লগতে কৃষি কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী ৰখাৰ বাবে নিৰ্মাণ কৰা চালিঘৰো ভাঙি পেলোৱাত কৃষক সকল শংকিত হৈ পৰিছে । অৱশ্যে শেহতীয়াভাৱে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীয়ে বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ জোৱানৰ জৰিয়তে ক্ষতিগ্ৰস্ত অঞ্চলত তহলৰ ব্যৱস্থা আৰম্ভ কৰিছে যদিও ৰাইজে হাতী প্ৰতিৰোধৰ বাবে “চলাৰ ফেনচিং” সমুহ কাৰ্যক্ষম কৰিবলৈহে দাবী জনাইছে।