এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াত।
ৰঙিয়াত থকা স্বস্তি হাস্পতালত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান।
জানিব পৰা অনুসৰি মহিলা গৰাকীৰ ঘৰ ধুবুৰী জিলাত।
মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি স্বস্তি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আহিছিল।
অৱশেষত কালি মহিলা গৰাকীয়ে ২টা ল’ৰা সন্তান আৰু ২টা ছোৱালী সন্তান জন্ম দিয়ে।
হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান মহিলা গৰাকী আৰু চাৰিওটা সন্তান সুস্থ অৱস্থাত আছে।
খবৰ পোৱাৰ লগে লগে ৰঙিয়াত তীব্র চর্চা লাভ কৰে।
লগতে হাস্পতাল কৰ্তৃপক্ষই উল্লেখ কৰে যে হাস্পতাল খনত এনেকুৱা ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে।
Photo Credit: Google