বুধবাৰৰ দিনটো যোৰহাটৰ নিমাতীঘাটৰ “মা কমলা” নামৰ নাও খনৰ যাত্ৰীসকলৰ বাবে আছিল এক অভিশপ্ত দিন। নিমাতীত এতিয়া উঠিছে কান্দোনৰ ৰোল৷ যাত্ৰীৰ মৰণকাতৰ আর্তনাদে কঁপাই তুলিলে নিমাতীঘাটৰ আকাশ–বতাহ সকলো৷
এই হৃদয়বিদাৰক ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। মাজুলী মোৰ নিজৰ ঠাই বুলি উল্লেখ কৰি ছ’চিয়েল মিডিয়াযোগে ক্ষোভ উজাৰিল কণ্ঠশিল্পীগৰাকীয়ে কয় যে,
“মই কি ক’ব পাৰিম? এইটো ঘটাৰ প্ৰায় এটা দিন আৰু মই এতিয়াও একো লিখিব বা ক’ব পৰা নাই। মই এই বিষটো বুজাব নোৱাৰো। মই কেৱল এয়াই ক’ব পাৰোঁ যে মই তাত আছো, আৰু মই থাকিম। সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷
মাজুলী মোৰ নিজৰ ঠাই৷ মই সদায় লগত আছো৷”