আজি সদনত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ পৰীক্ষাত অৱতীৰ্ণ হ’ব আম আদমি পাৰ্টী, বিধায়ক কিনা বেচাৰ যুঁজখন অন্ত পেলোৱাৰ আনুষ্ঠানিক চেষ্টা চলোৱা হ’ব সদনত।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল চৰকাৰৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়ালৈ ED য়ে চমন জাৰি কৰাৰ পাছতেই আম আদমি পাৰ্টীৰ কেইবাজনো বিধায়কক দিল্লীৰ চৰকাৰ ভংগ কৰাবলৈ বিজেপিয়ে ২০ কোটিকৈ টকাত ক্ৰয় কৰিবলৈ প্ৰস্তাৱ দিয়া বুলি অভিযোগ উত্থাপন কৰাৰ পাছতেই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল।
তেনে সময়তে দলীয় নেতা-কৰ্মীৰ আনুগত্য পৰীক্ষাৰ যুজঁত নামিব কেজৰিৱাল। ৪০ জন বিধায়কলৈ ২০ কোটি টকীয়া প্ৰস্তাৱ আগবঢ়োৱা হৈছিল বুলি কেজৰিৱালে দাবী কৰাৰ লগতে মনীষ চিচোদিয়াই বিজেপিত যোগদান কৰিলে সকলো গোচৰ খাৰিজ কৰাৰ প্ৰস্তাৱো আহিছিল বুলি তেওঁ অভিযোগ কৰিছে।
উল্লেখ্য যে, যোৱাটো সপ্তাহত দলৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৰাজঘাটৰ মহাত্মা গান্ধী স্মৃতিশৌধত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৬২ গৰাকী বিধায়কৰ সৈতে উপস্থিত আছিল কেজৰিৱাল ।