গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি -অগপ -ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ এটা নিৰ্বাচনী কাৰ্যালয় ৰবিবাৰে আজাৰাৰ গধূলি বজাৰত মুকলি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আচঁনি সমূহৰ কথা উল্লেখ কৰি দেশৰ আৰু ৰাজ্যৰ সৰ্বাংগীণ উন্নয়ণৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা বিভিন্ন আঁচনি সমূহৰ কথাও ব্যক্ত কৰে।
অগপ দলৰ সম্পাদক সুভাষ শৰ্মাই আঁত ধৰা কাৰ্যালয় মুকলি অনুষ্ঠানত অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়া আৰু বিজেপি দলৰ বিমানকোঠ মণ্ডলৰ সভাপতি পদ্দেশ্বৰ মজুমদাৰে নিজৰ ভাষণত উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত বি জে পি -অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক বিপুল ভোটত জয়ী কৰাবলৈ দুয়োটা দলৰ কাৰ্যকৰ্তা আৰু কৰ্মীসকললৈ আহ্বান জনায়। অনুষ্ঠানত বিজেপিৰ বিমানকোঠ মণ্ডলৰ সম্পাদক হিতেশ কলিতাকে ধৰি অগপ আৰু বিজেপি দলৰ কেবাগৰাকী স্থানীয় নেতা -কৰ্মী উপস্থিত থাকে।