২০২৩ বৰ্ষটো গৃহ মন্ত্ৰালয়ৰ বাবে এক পট-পৰিৱৰ্তনকাৰী বৰ্ষ আছিল, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপদ, সুৰক্ষিত, সামগ্ৰিক আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী পূৰণৰ দিশত বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছিল। ফৌজদাৰী ন্যায় ব্যৱস্থাত এক নতুন যুগৰ আৰম্ভণি, সন্ত্ৰাসবাদ আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে শূণ্য সহনশীলতা, উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰত প্ৰগতি আৰু উন্নয়ন, চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ, সীমান্তৰ আন্তঃগাঁথনি শক্তিশালী কৰা আদি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনত গৃহ মন্ত্ৰালয়ৰ কাম-কাজৰ মূল বিষয় হৈ আহিছে।
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক উন্নয়ন, সংযোগ, আন্তঃগাঁথনি, ক্ৰীড়া, বিনিয়োগ আৰু জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ যোৱা ৮টা বছৰত ৩.৪৫ লাখ কোটি টকাৰো অধিক পুঁজি বিনিয়োগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মৈৰাঙত ২০২৩ৰ ৬ জানুৱাৰী তাৰিখে ১,৩১১ কোটি টকাৰ ২১টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মৈৰাঙৰ ঐতিহাসিক ‘আজাদ হিন্দ ফৌজ’ৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ ওখ ৰাষ্ট্ৰীয় পতাকা হিচাপে পৰিগণিত ১৬৫ ফুট উচ্চতাত উত্তোলিত ত্ৰিৰংগ পতাকাখন উত্তোলন কৰে৷
ভাৰত চৰকাৰে আকৌ এবাৰলৈ ‘সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন’ (এএফএছপিএ)খনৰ পৰিসৰ নাগালেণ্ড, অসম আৰু মণিপুৰৰ অশান্ত অঞ্চলসমূহৰ পৰা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে(২৫ মাৰ্চ ২০২৩)। ২০১৪ বৰ্ষৰ তুলনাত২০২২ চনত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ঘটনা ৭৬% হ্ৰাস পায়। একেদৰে, এই সময়ছোৱাত নিৰাপত্তাকৰ্মী আৰু অসামৰিক লোকৰ মৃত্যু হাৰো ক্ৰমে ৯০% আৰু ৯৭%হ্ৰাস পায়। ‘প্ৰধানমন্ত্ৰী-ডিভাইন’ৰ জৰিয়তেপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ-পূবৰ বাবে বাজেটৰ পৰিমান ২৭৬ শতাংশবৃদ্ধি কৰে।
২০২৩ চনৰ ২০ এপ্ৰিল তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। দুয়োখন ৰাজ্যৰ মাজত ৭০০ কিলোমিটাৰতকৈয়ো অধিক দীঘল সীমা সন্দৰ্ভত এইখন চূড়ান্ত চুক্তি হ’ব, ভৱিষ্যতে কোনো অঞ্চল বা গাঁও সন্দৰ্ভত কোনো ৰাজ্যই নতুনকৈ আৰু কোনো দাবী নকৰিব।
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ‘ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী’/’ডিমাচা পিপলছ ছুপ্ৰিম কাউন্সিল’ (ডিএনএলএ/ডিপিএছচি)ৰ প্ৰতিনিধিসকলৰ মাজত ২০২৩ৰ ২৭ এপ্ৰিলত স্বাক্ষৰিত হয় এক ত্ৰিপাক্ষিক চুক্তি।বুজাবুজিৰ এই চুক্তিখনৰ অধীনত অসম চৰকাৰে ডিমাচা সকলৰ সামাজিক, সাংস্কৃতিক, ভাষিক পৰিচয় সুৰক্ষিত, সংৰক্ষণ আৰু উত্সাহিত কৰাৰ বাবে ‘ডিমাচা কল্যাণ পৰিষদ’ গঠন কৰিব। অৰ্থনৈতিক আৰু শৈক্ষিক আকাংক্ষা আৰু স্বায়ত্ত শাসিত পৰিষদৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত বাস কৰা ডিমাচা লোকসকলৰ দ্ৰুত আৰু কেন্দ্ৰীভূত বিকাশ নিশ্চিত কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী, মেইটেই আৰু কুকি সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰী পক্ষসমূহৰ সৈতে ২০২৩ৰ ১৫ মে’ তাৰিখে ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিবলৈ কেইবালানিও বৈঠক অনুষ্ঠিত কৰে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ২০২৩ৰ ২৫ মে’ তাৰিখে অসমত ‘ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়’ৰ (এনএফএছইউ) গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰিছিল। ‘এফএছইউ-গুৱাহাটী’য়ে উত্তৰ-পূব ভাৰতৰ লগতে বাংলাদেশ, ভূটান, নেপাল, ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ দৰে পূব সীমান্তৰ বহুতো দেশক লাভান্বিত কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে একেদিনাই অসমত ৪৪,৭০৩ জন বাছনি কৰা প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰও প্ৰদান কৰে। অসম চৰকাৰে ২টা বছৰত প্ৰায় ৮৬,০০০ গৰাকী যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। পৰবৰ্তী কেইমাহমানৰ ভিতৰত আৰু ১৪,০০০ৰো অধিক চাকৰি দি ৰাজ্যখনত ১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অচিৰেই পূৰণ কৰিব। ভাৰত চৰকাৰে মণিপুৰত ২০২৩চনৰ ৩মে তাৰিখে আৰু তাৰ পিছত ২০২৩ৰ ৪ জুন তাৰিখে হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ‘তদন্ত আয়োগ গঠন আইন, ১৯৫২’-ৰ অধীনত ‘বিশেষতদন্ত আয়োগ (এছআইটি) গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২৯ নৱেম্বৰত ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰে নতুন দিল্লীত মণিপুৰৰ আটাইতকৈ পুৰণি সশস্ত্ৰ গোট ‘ইউনাইটেড নেচনেল লিবাৰেশ্যন ফ্ৰণ্ট’ (ইউএনএলএফ)ৰ সৈতে মূল বিষয়ৰ ক্ষেত্ৰতসহমতৰ আধাৰত এক শান্তি চুক্তি স্বাক্ষৰ কৰে।
অমিত শ্বাহৰ উপস্থিতিত২০২৩ চনৰ ২৯ ডিচেম্বৰত নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ‘ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অব আছাম’ (আলফা)ৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হয় মীমাংসা চুক্তি। সমৃদ্ধ আৰু বিদ্ৰোহীমুক্ত উত্তৰ-পূব আৰু অসমৰ চিৰস্থায়ী শান্তি, সমৃদ্ধি আৰু সৰ্বাংগীণ উন্নয়ন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ, দৃষ্টিভংগী পূৰণ কৰাৰ ক্ষেত্ৰত চুক্তিখন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ব বুলি অভিহিত কৰা হৈছে।
২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সীমান্ত-আন্তঃগাঁথনি সমূহৰ বিভিন্ন অগ্ৰগতি হৈছে।এই অগ্ৰগতি সমূহৰ ভিতৰত ভাৰত-বাংলাদেশ সীমান্তৰ ১৮৪.৩৯১কিলোমিটাৰ পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত ‘উচ্চ পৰ্যায়ৰ সমিতি’ৰ বৈঠকত ২০২২ চনত সংঘটিত বান/ভূমিস্খলন, ডাৱৰ বিস্ফোৰণৰ বাবে পুঁজি লাভ কৰা পাঁচখন ৰাজ্য অসম, হিমাচল প্ৰদেশ, কৰ্ণাটক, মেঘালয় আৰু নাগালেণ্ডলৈ ১,৮১৬.১৬২ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যলৈ অনুমোদন জনোৱা হয়।
সমসাময়িক আধুনিক দিনৰ প্ৰয়োজনীয়তা আৰু সংশোধিত আদৰ্শৰ সৈতে সংগতি ৰাখি ২০২৩ চনৰ ১২ মেত ঔপনিৱেশিক যুগৰ পুৰণি কাৰাগাৰ আইনৰ পৰ্যালোচনা আৰু সংশোধনৰ সিদ্ধান্ত লোৱা হৈছিল।
তদুপৰি, ‘কাৰাগাৰ আইন, ১৮৯৪’, ‘কাৰাবন্দী আইন, ১৯০০’ আৰু ‘বন্দী স্থানান্তৰণ আইন, ১৯৫০’-ওগৃহ মন্ত্ৰালয়ে পৰ্যালোচনা কৰাৰ লগতে এই আইনসমূহৰ প্ৰাসঙ্গিক ব্যৱস্থাবোৰ ‘আদৰ্শ কাৰাগাৰ আইন, ২০২৩’ত অনুৰ্ভক্ত কৰা হৈছে।
‘দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৩’ লোকসভা আৰু ৰাজ্যসভাত উথ্থাপিত হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ১১ আগষ্টত‘ভাৰতীয় ন্যায় সংহিতা বিধেয়ক ২০২৩’, ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক, ২০২৩’ আৰু ‘ভাৰতীয় সাক্ষ্য বিধেয়ক, ২০২৩’ লোকসভাত উত্থাপন কৰে।
ভাৰতীয় চিন্তা প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এই তিনিখন আইনে আমাৰ ন্যায় ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিব।
‘জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক, ২০২৩’ আৰু ‘জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৩’ লোকসভাত ৬ ডিচেম্বৰ ২০২৩ তাৰিখে আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত গৃহীত হৈছিল।
২০১৯ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পৰা ‘৩৭০ অনুচ্ছেদ’ বাতিল কৰাৰ এক দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰে।
পৰবৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়টোৱে প্ৰমাণ কৰিছে যে ‘অনুচ্ছেদ ৩৭০’ বাতিল কৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে সাংবিধানিক আছিল।
‘অনুচ্ছেদ ৩৭০ বাতিল’ কৰাৰ পিছত দৰিদ্ৰ আৰু বঞ্চিত সকলৰ অধিকাৰ পুনৰুদ্ধাৰ কৰা হৈছে, আৰু বিচ্ছিন্নতাবাদ আৰু শিল নিক্ষেপ দৰে দৌৰাত্ম্য এতিয়া অতীতৰ বিষয় হৈ পৰিছে।
২০২৩ বৰ্ষৰ ‘শ্ৰী অমৰনাথ যাত্ৰা’ আগষ্ট মাহত সফলতাৰে সম্পূৰ্ণ হৈছিল। ৪.৪৫ লাখ যাত্ৰীয়ে পবিত্ৰ গুহা পৰিদৰ্শন কৰিছিল। যাত্ৰীৰ এই সংখ্যা যোৱা ১০ বছৰৰ ভিতৰতে সৰ্বাধিক আছিল।
ভাৰত চৰকাৰে ২০২১ চনত ঔদ্যোগিক বিকাশ বৃদ্ধিৰ বাবে ২৮, ৪০০ কোটি টকা ব্যয়ৰ সৈতে জম্বু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঔদ্যোগিক বিকাশৰ বাবে এক নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ জাননী জাৰি কৰিছিল। বিত্তীয় বৰ্ষ২০২২-২৩তঔদ্যোগিক খণ্ডত ১৫৩.৪৫ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে। চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪-ৰনৱেম্বৰ মাহ পৰ্যন্ত লাভ কৰিছে ২৩২৬.৬৫ কোটি টকাৰ বিনিয়োগ।
শ্ৰীনগৰত ২২ ৰ পৰা ২৪ মে’, ২০২৩ লৈ ‘জি-২০’ৰ ‘তৃতীয় পৰ্যটন কৰ্মী গোট’ৰ বৈঠক অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৱে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলক বিশ্ব মঞ্চত স্থান দিছে আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যটনৰ প্ৰগতি আৰু বিকাশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কাম কৰিছে।
‘লাডাখ স্বায়ত্ত শাসিত পাহাৰ উন্নয়ন পৰিষদ’ (এলএএইচডিচি)ক আৱণ্টন দিয়া পুঁজি প্ৰতিটো বিত্তীয় বৰ্ষত বৃদ্ধি কৰা হৈছে। ২০২০-২১ বিত্তীয় বৰ্ষত কাৰ্গিলৰ এলএএইচডিচি আৰু লেহ এলএএইচডিচি-লৈ ক্ৰমে ২৩৭.৫৬ কোটি আৰু ২৩৮.৭৫ কোটি টকাৰ পুঁজি আৱণ্টন দিয়াৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ওপৰোক্ত এলএএইচডিচি-ক ৩৩৪.৭৮ কোটি টকাৰ পুঁজি আৱণ্টন দিয়া হৈছে।
২০-২২ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ‘বাৰ্ষিক ডিজিপি সন্মিলন, ২০২২’ অনুষ্ঠিত হৈছিল। সন্মিলনতগৃহীত হোৱা ১০০ টা পৰামৰ্শৰ ভিতৰত, মুঠ ৪৫ টা পৰামৰ্শ কাৰ্যকৰী কৰা হৈছে, আৰু বাকী ৫৫ টা পৰামৰ্শত পদক্ষেপ লোৱা হৈছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৭ অক্টোবৰত উত্তৰাখণ্ডৰ ডেৰাডুনত মুখ্য অতিথি হিচাপে ‘৪৯ সংখ্যক সৰ্বভাৰতীয় আৰক্ষী বিজ্ঞান কংগ্ৰেছ’ সম্বোধন কৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি অনুসৰণ কৰি গৃহ মন্ত্ৰালয়ে চাৰিটা সংগঠনক ‘সন্ত্ৰাসবাদী সংগঠন’, সাত ব্যক্তিক ‘সন্ত্ৰাসবাদী’ আৰু তিনিটা সংগঠনক ২০২৩ চনত ‘বেআইনী সংগঠন’ হিচাপে ঘোষণা কৰে। এই সংগঠনকেইটা হৈছে ‘দি ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টিআৰএফ), ‘পিপলছ এণ্টি-ফেচিষ্ট-ফ্ৰণ্ট’ (পিএএফএফ), ‘গজনৱী ফ’ৰ্চ’ (জেকেজিএফ) আৰু ‘খালিস্তান টাইগাৰ ফৰ্চ’ (কেটিএফ)।
চৰকাৰে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত ‘কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী’ (চিএপিএফ)ৰ বাবে কনিষ্টবল (সাধাৰণ) পৰীক্ষা অনুষ্ঠিত কৰিব। প্ৰশ্নকাকতখন হিন্দী আৰু ইংৰাজীৰ উপৰিও অসমীয়া, বঙালী, গুজৰাটী, মাৰাঠী, মালায়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাৱী, মণিপুৰী আৰু কোঙ্কণীত যুগুতোৱা হ’ব। হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩ টা আঞ্চলিক ভাষাত পৰীক্ষা ১ জানুৱাৰী, ২০২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব।
২০২৩ চনৰ ২০ মে’ত কেন্দ্ৰীয় গৃহতথা সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ দ্বাৰকাত ৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমী’ (এনএচিপি)ৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতীয় নৌসেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী, সামুদ্ৰিক আৰক্ষী, শুল্ক বিভাগৰ প্ৰতিনিধি আৰু মাছমৰীয়াসকলক অন্তৰ্ভুক্ত কৰি নিৰাপত্তাৰ এক ‘সুদৰ্শন চক্ৰ’ সৃষ্টি কৰিছে।
কেবিনেটে ২০২২-২৩ ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি-“ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী”লৈ অনুমোদন জনাইছে আৰু ১৫ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে ৪৮০০ কোটি টকাৰ বিত্তীয় আৱণ্টন প্ৰদান কৰিছে।