গুৱাহাটী উন্নয়ন বিভাগটো বৰ্তমানো মন্ত্ৰী অশোক সিংহলৰ হাততেই আছে, মন্ত্ৰীগৰাকীৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি যি প্ৰচাৰ চলিছে সেয়া শুদ্ধ নহয়। এই কথা ইতিমধ্যে এক প্ৰেছবাৰ্তাৰ জৰিয়তে জনসংযোগ, অসমে প্ৰকাশ কৰিছে।
প্ৰেছ বাৰ্তাটোত কোৱা হৈছে যে, অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ চামিলকৰণেৰে পূৰ্বেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ গঠন কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ওপৰতে অৰ্পণ কৰা হৈছে।
পূৰ্বৰে পৰা এই বিভাগৰ দায়িত্বত আছে মন্ত্ৰী অশোক সিংহল। সেয়ে সামগ্ৰিকভাৱে সমগ্ৰ নগৰ পৰিক্ৰমা বিভাগৰ লগতে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বও মন্ত্ৰী অশোক সিংহলৰ ওপৰতে ন্যস্ত হৈ আছে। এই ক্ষেত্ৰত মন্ত্ৰী অশোক সিংহলক গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বৰ পৰা আজৰাই দিয়া বুলি প্ৰচাৰিত বাতৰি ভুল আৰু বিভ্ৰান্তিকৰ।