দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিলে অধিসূচনা। নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল CAA।
উল্লেখ্য যে, ২০১৯ চনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন। এই আইন মতে এতিয়াৰে ৩খন দেশৰ শৰণাৰ্থীয়ে ভাৰতত পাব নাগৰিকত্ব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকে লাভ কৰিব নাগৰিকত্ব। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আৰু পাৰ্চী লোকে লাভ কৰিব নাগৰিকত্ব। ২০১৪ৰ ৩১ ডিচেম্বৰৰ পাছত অহা লোকে নাপাব এই সুবিধা।
ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিলে তেনে লোকে পাব নাগৰিকত্ব। ইতিমধ্যে ভাৰতত শৰণাৰ্থী হিচাপে থকা সকলেও লাভ কৰিব নাগৰিকত্ব। অনলাইনযোগে জনাব পাৰিব নাগৰিকত্বৰ আবেদন।