ৰাজ্যৰ শিক্ষিত নিৱনুৱাসকলক আজি পুনৰ এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা নিযুক্তি সমাৰোহৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে প্ৰতিবছৰে এইদৰে নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰাৰ কথা।
অসমৰ মেধাৰ ভিত্তিত নিযুক্তিৰ যি এক পৰিৱেশ গঢ়লৈ উঠিছে সেই পৰিৱেশ ধৰি ৰাখিবলৈ প্ৰতিবছৰে এনে নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ বাকী থকা ১২/১৩ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব জুলাই মাহত। চলিত বৰ্ষতেই ১ লাখ নিযুক্তিৰ সীমাও পাৰ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, এতিয়া মোৰ বিশ্বাস হৈছে। আমি ১ লাখ নিযুক্তিতে থমকি নৰও। নিযুক্তি আৰু হ’ব কাৰণ মেধাৰ ভিত্তিত নিযুক্তি লাভৰ যি পৰিৱেশ সেই পৰিৱেশটোক আমি ধৰি ৰাখিব লাগিব।
তেওঁ কয়, প্ৰতিবছৰে এনেকুৱা মেগা নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব। য’ত এনেদৰে ২০/৩০/৪০ হাজাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাব। আনহাতে জুন, জুলাইত অসম চৰকাৰৰ বিভিন্ন বিভাগত ২২ হাজৰ পদৰ বিজ্ঞাপনো প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।