• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in ৰাজনীতি, অসম
1 min read
0
পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত “পথ-সুৰক্ষা সপ্তাহ” উপলক্ষে মহানগৰীৰ খানাপাৰাত শুকুৰবাৰে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু বৃহস্পতিবাৰে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পথ-সুৰক্ষা বিষয়কএখন ছবিঅঁকা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ শুকুৰবাৰে এএছ জি চকু চিকিৎসালয় আৰু মহানগৰ পৰিবহণ সংস্থা( MTAG)ৰ সহযোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰত বিভিন্ন যান-বাহনৰ চালক হেণ্ডিমেন, পথচাৰিকে ধৰি কেইবাশতাধিক লোকে চকু পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। চকু চিকিৎসা শিবিৰৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত এক সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা অভিযানৰ বাবে জনোৱা আহ্বানলৈ ইতিমধ্যে সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা আগবঢ়াইছে। সেয়ে ৰাজপথত সকলো সময়তে সুৰক্ষিত হৈ থাকিবলৈ হ’লে যানবাহন চালককে ধৰি সকলো শ্ৰেণীৰ লোকেই শৰীৰৰ অনান্য ৰোগ ব্যাধিৰ লগতে সবল-শক্তিশালী চকুজুৰিৰ বাবেও সদাসতৰ্ক হৈ থাকিব লাগিব বুলি কয়।

পথ দুৰ্ঘটনাৰ বিভিন্ন কাৰণৰ কথা উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয় যে চকুজুৰিৰ সযত্ন পালন নকৰাৰ বাবেই কোনোবাই দূৰৰ, আন কোনোবাই ওচৰৰ বস্তু মনিব নোৱাৰে, কোনোবাই আকৌ ৰঙৰ ভিন্নতা মনিব নোৱাৰিও অচানক দৰ্ঘটনাত পতিত হয়। এনে সমস্যা চালকৰ উপৰি আনসকলৰ মাজতো দেখা দিব পাৰে বুলি কৈ সকলোকে সময়মতে চকুজুৰিৰ পৰীক্ষা আৰু চিকিৎসা কৰিবলৈ তেওঁ অনুৰোধ জনায়। আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে চকু পৰীক্ষা শিবিৰত উপস্থিত থাকি কোনো চালকেই যাতে কোনো কাৰণতে অতিষ্ঠ আৰু উদিগ্নভাৱে গাড়ী চলায় নিজৰ লগতে আনকো বিপদত নেপেলায় তাৰ আহ্বান জনায় ৷ পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে চকুহালেই মানুহৰ মূল সম্পদ বুলি কৈ মানুহকে ধৰি বিনন্দীয়া এই পৃথিৱীখন হেপাঁহ পলুৱাই চাবলৈ হ’লে চকুৰ সঠিক পৰীক্ষা কৰি থাকিবলৈ কয়। সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি “অসমীয়া খবৰ” কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাসে ব্যতিক্ৰমী বক্তব্য আগবঢ়াই কয় যে দুৰ্যোধনে গুৰু দোনাচাৰ্যক সদাই আপত্তি কৰি কৈছিল যে মোতকৈ আপুনি অৰ্জুনকহে বেছি ভালপায় কিয়? দোনাচাৰ্যই তেতিয়া পৰীক্ষা লবৰ বাবে এটা কাঠৰ চৰাই দি দুয়োকে লক্ষ্যভেদ কৰিবলৈ দিয়াত দুৰ্যোধনে চৰাইটোৰ লগতে বিভিন্ন দাল-পাত আদি দেখা পোৱা বুলি কোৱাৰ বিপৰীতে অৰ্জনে চৰাইৰ চকুটো দেখা পোৱা বুলি কোৱা কথাটো উল্লেখ কৰি মানুহৰ দৃষ্টিশক্তি প্ৰকৃততে কেনে হোৱা উচিত তাৰ আভাস দিয়ে। চকু পৰীক্ষা আৰু সজাগতা শিবিৰত এচিপি মনোজ লহকৰ, চিটিবাছ সন্থাৰ সম্পাদক বিপুল চন্দ্ৰ কলিতা, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ আদি উপস্থিত থাকি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।

ডা° সত্যেন ডেকাৰ নেতৃত্বত জেষ্ঠ চকু পৰীক্ষা বিশেষজ্ঞ বিদ্যা দেৱীৰ উপৰি এএছজি চকু চিকিৎসালয়ৰ দলে চকু পৰীক্ষা শিবিৰত উপস্থিত থাকি সকলোৰে চকু পৰীক্ষা কৰি সুচিকিৎসা প্ৰদান কৰে। ইফালে ছাত্ৰবস্থাৰ পৰাই সকলোকে পথসুৰক্ষা সজাগতাৰ প্ৰতি সচেতন কৰাৰ মানসেৰে বৃহস্পতিবাৰে হেঙেৰাবাৰীৰ অমৃত উদ্যানত আয়োজন কৰা ছবিঅঁকা প্ৰতিযোগিতাত মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি “পথ-সুৰক্ষা জীৱন ৰক্ষা” ধ্বনি দি পৰিবহণ বিভাগৰ পথ সুৰক্ষা সপ্তাহলৈ ব্যাপক সহযোগিতা আগবঢ়াই ৷

Previous Post

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

Next Post

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8