বুধবাৰে সামৰণি পৰিব গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা চলাইছে শাসক,বিৰোধী দলৰ প্ৰাৰ্থী তথা ৰথী-মহাৰথীসকলে । ইপিনে ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতা-পালিনেতাসকল । বাদ পৰি ৰোৱা নাই অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা ৷
গুৱাহাটী পৌৰ নিগমৰ ৪৯ নং ৱাৰ্ডৰ মিত্ৰজোঁট সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হকে মঙলবাৰে সাতগাঁৱৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী গৰাকীয়ে ।
এই সভাতে মন্ত্ৰীগৰাকীয়ে কয় যে,পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ সফলতাৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ ৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ জয়ী হ’ব ৷
উল্লেখ্য যে, ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁট চৰকাৰখনে কৰি অহা জনহিতকৰ কামৰ বাবে ৰাইজৰ বিশ্বাস জন্মিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰীৰ ভিতৰত গুৱাহাটীকো অন্তৰ্ভুক্ত কৰাৰ যি সপোন দেখিছে, সেই সপোন বাস্তৱায়িত কৰাৰ বাবে এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।