চৌদি আৰৱৰ চৰকাৰে এইবেলি কভিডৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ কঠোৰ নিয়ম বহুখিনী শিথিল কৰি দিয়াত বিগত বৰ্ষতকৈ এইবেলি হজযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। বিগত ২০২২ বৰ্ষত অসমকে ধৰি উত্তৰ পূবৰ পৰা পবিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যোৱা হজযাত্ৰীৰ সংখ্যা আছিল প্ৰায় ৩,৫০০ জন। কিন্তু ইয়াৰ বিপৰীতে এইবাৰ হজ সমাপনৰ বাবে উত্তৰ পূবৰ পৰা মক্কালৈ যাব ৬,৩০২ জন হজযাত্ৰী। উত্তৰ পূৱ হজ কমিটিৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান আৰু সদস্য শ্বহিদুল ইছলামে জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ হজযাত্ৰা অহা ২১ মে’ৰ পৰা আৰম্ভ হব। সিদিনাৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা চৌদি আৰৱ চৰকাৰৰ বিমান সংস্থাৰ বিশেষ বিমান হজযাত্ৰীলৈ পোনে পোনে মক্কালৈ উৰা মাৰিব। এই যাত্ৰা অহা ৬ জুন পৰ্যন্ত চলিব।
উল্লেখযোগ্য যে এইবেলি অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা ৬,৩০২ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে চৌদি আৰৱৰ মক্কালৈ যাব। ইতিমধ্যে হজলৈ যাবলগীয়া হজযাত্ৰী সকলৰ বাবে জিলা ভিত্তিত প্ৰশিক্ষণ চলি আছে। অসম চৰকাৰৰ হজ আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত হজ কমিটিৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামান, সদস্য শ্বহিদুল ইছলামকে ধৰি আন আন বিষয়ববিয়া সকলে এই প্ৰশিক্ষণ কাৰ্যৰ তদাৰক কৰি আছে। আনহাতে বৰঝাৰ বিমানবন্দৰত হজযাত্ৰা কৰাৰ সময়ত হজযাত্ৰী সকলে যাতে কোনো ধৰণৰ অসুবিধা নাপাই তাৰ বাবে বিগত বৰ্ষৰ দৰে এইবেলিও বিমানবন্দৰ হজ অভ্যৰ্থনা কমিটি এখন গঠন কৰা হৈছে।
জানিব পৰা মতে জেষ্ঠ্য চৰকাৰী বিষয়া আলতাফ হুছেইনক সভাপতি , কাচেম আলীক কাৰ্যকৰী সভাপতি হিচাপে লৈ অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে। আনহাতে হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে সদৰি কৰা অনুসৰি হজযাত্ৰী সকলৰ বিমান পোনে পোনে মদিনালৈ যাব। তাত নিৰ্দিষ্ট হোটেলত আঠদিন থকাৰ পাছতহে হজযাত্ৰী সকল মক্কালৈ যাব। অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ বাবে ডিঙিত গামোচা লৈ থাকিব আৰু হোটেলৰ সন্মুখত গামোচাৰ পতাকা উৰি থাকিব।