গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া পামহীস্থিত পদ্মৰাম ভৰালী খেলপথাৰ প্ৰাংগণত ইয়ং গ্ৰীণ ক্লাবৰ সৌজন্যত, বৃহত্তৰ পামহী, ধলবামা আৰু মইনাখোৰোং অঞ্চলৰ ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবেলিও অহা ১৩ আৰু ১৪ মে’ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পূব ৰামছাৰাণী বিহু সন্মিলনীৰ ৪৮ সংখ্যক বহাগী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। আনহাতে বহাগী উৎসৱৰ কাৰ্যসূচী সূচাৰুৰূপে পলিচালনা কৰাৰ বাবে সমাজকৰ্মী দীপক বড়োক (কুলি) সভাপতি, বিষ্ণু প্ৰসাদ বড়োক কাৰ্যকৰী সভাপতি, সুশীল টেৰণ আৰু হেমন্ত বড়োক উপ-সভাপতি, উৎপল কুমাৰ দাস আৰু ধীৰাজ টুমুংঙক যুটীয়া সম্পাদক আৰু কেবাখনো উপ সমিতি গঠন কৰি পূৱ ৰামছাৰাণী বিহু সন্মিলনীৰ ৪৮ সংখ্যক বহাগী উৎসৱৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে।
আনহাতে ১৩ মে’ত পুৱা ৯ বজাত বিহু পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি দীপক বড়োৱে আৰু ইয়ং গ্ৰীণ ক্লাবৰ পতাকা উত্তোলন কৰিব ক্লাবৰ সভাপতি বিষ্ণু প্ৰসাদ বড়োৱে। তাৰ পাছত চাৰিখন সমাজৰ পতাকা উত্তোলন কৰিব চাৰিখন গাঁৱৰ সভাপতিয়ে। স্মৃতি তৰ্পণ কৰিব গাবাইসিং বড়োৱে। দিনৰ ১১ বজাৰ পৰা চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৬ বজাত বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব মইনাখোৰোং খণ্ড বন কাৰ্যাল়য়ৰ খণ্ড বিষয়া ত্ৰিনয়ন শৰ্মাই। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াকে ধৰি কেবাজনো শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। ১৪ মে’ৰ সন্ধিয়া ৬ বজাত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট অভিনেতা চম্পক শৰ্মাই। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মন্টুমণি শইকীয়াকে ধৰি কেইবাগৰাকীও জনপ্রিয় কণ্ঠশিল্পীয়ে গীত-মাত পৰিবেশন কৰিব বুলি উদ্যেক্তা সকলে জানিবলৈ দিছে।