অৱশেষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হিন্দু সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল সাংসদ বদৰুদ্দিন আজমল। অনুশোচনাত দগ্ধ হৈ আজমলে কৈছে, তেওঁ ভুল কৰিছে।
মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিন্দুসকলক লৈও আপত্তিজনক মন্তব্য কৰিছিল AIUDFৰ মুৰব্বীগৰাকীয়ে। যাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিন্তু সেই কথাক লৈ এতিয়া অনুতপ্ত বদৰুদ্দিন আজমলে ভুল স্বীকাৰ কৰিছে আৰু তেওঁ এই মন্তব্য উঠাই লৈছে।
সংবাদ মাধ্যমৰ আগত আজমলে ক’লে – ‘‘মই ভুল কৰিছো। তাৰ বাবে মই অনুতপ্ত। মই মোৰ মন্তব্য উঠাই লৈছো। ক্ষমা বিচৰাৰ পিছতে সেই কথাৰ অন্ত হৈছে।’’ এই মন্তব্যক লৈ এতিয়া ৰাজনীতি হোৱা বুলিও মন্তব্য কৰিলে আজমলে। লগতে আজমলে ক’লে, ‘‘থানাই থানাই গোচৰ ৰুজু হ’লেও মই আইনৰ ওপৰত বিশ্বাসী। মুখ্যমন্ত্ৰীয়ে মোৰ গোচৰ কৰিমগঞ্জ অথবা আমেৰিকালৈ পঠাই দিলেও মই আইনী যুঁজ যুঁজিবলৈ সাজু।’’