ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক সমৰ্থন কৰিব জনতা দল(চেকুলাৰ)য়ে। জনতা দলৰ উপ নেতা বন্দেপ্পা কাশোমপুৰে কয় যে বিধায়ক দলৰ এক বৈঠকত সকলোৰে সন্মতি সাপেক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
দ্ৰৌপদী মুৰ্মূ এগৰাকী জনগোষ্ঠীয় সম্প্ৰদায়ৰ মহিলা হোৱাৰ লগতে তেওঁৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়ে। প্ৰাৰ্থীত্ব ঘোষণা হোৱাৰ এদিন পাছতেই দ্ৰৌপদী মুৰ্মূৱে ফোন কৰি সমৰ্থন বিচৰাৰ উপৰিও বিধায়ক কুমাৰস্বামীক সাক্ষাৎ কৰিছিল বুলিও দলটোৰ ফালৰ পৰা জানিব দিছে।
উল্লেখ্য যে, ১৮ জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ভোটগণনা হ’ব ২১ জুলাইত।