• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2023
in ৰাজনীতি, অসম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত PHD চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, NER চেপ্টাৰৰ উদ্যোগত ২০ জানুৱাৰীৰ পৰা মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ (Momentum North East 2023) ৰ শুভাৰম্ভ হ’ব। ইয়াত চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেশ্যন (CBC), গুৱাহাটীয়ে সেৱা, সুশাসন, দৰিদ্ৰৰ কল্যাণৰ ৮ বছৰ আৰু আজাদী কা অমৃত মহোৎসৱ বিষয়ক ফটো প্ৰদৰ্শনীৰ জৰিয়তে অংশগ্ৰহণ কৰিব।
CBCৰ এই প্ৰদৰ্শনীত চৰকাৰে যোৱা ৮ বছৰত গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহ আৰু পদক্ষেপ তথা লাভ কৰা সাফল্যৰাজি সন্দৰ্ভত বিভিন্ন ফটো পেনেল থূপাই প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি, ইয়াত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ফটো পেনেলসমূহো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অসম আৰু নাগালেণ্ডৰ মাননীয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এই কাৰ্য্যসূচী উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানত PHD চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ চিইঅ’ আৰু সচিব প্ৰধান কৰ্ণেল সৌৰভ সান্যাল, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনম চৰণকুমাৰ সিং, IAS, অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং, IAS উপস্থিত থাকিব।

এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ভিন্ন অংশীদাৰসকলৰ বাবে অংশীদাৰিত্ব আৰু নেটৱৰ্কিং মঞ্চ গঢ়ি তোলাৰ ক্ষেত্ৰত মধ্যৱৰ্তিতাৰ অৰ্থে কাম কৰা; অঞ্চলটোৰ সম্ভাৱনা, উপলব্ধ ব্যৱসায়িক সুযোগৰাজি আৰু বিনিয়োগ তথা বিকাশৰ সুযোগ সম্পৰ্কে অন্বেষণ কৰা। মমেন্টাম নৰ্থ ইষ্টে স্থানীয় যুৱক-যুৱতী, মহিলা, বেচৰকাৰী সংস্থা আৰু উন্নয়ন সংস্থাসমূহক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠান, উদ্যোগ, বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ প্ৰদান কৰিব। এই তিনি-দিনীয়া কাৰ্য্যসূচীত CBCৰ ষ্টলত নৃত্য, নাট, কুইজ, আকস্মিক বক্তৃতা আদি অনুষ্ঠিত কৰাৰ লগতে অসমৰ সংস্কৃতি আৰু পৰম্পৰাক চিত্ৰিত কৰা লোকগীত আৰু লোকনৃত্যৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। এই কাৰ্য্যসূচীত CBCৰ সাংস্কৃতিক শিল্পীসকলেও বিভিন্ন নৃত্য ৰূপ আৰু সংগীতানুষ্ঠান পৰিৱেশন কৰিব।
২০ জানুৱাৰী, ২০২৩ ৰ পুৱা ১১ বজাত কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই কাৰ্য্যসূচীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু প্ৰদৰ্শনী ষ্টল ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে দৰ্শনাৰ্থীসকলৰ বাবে মুকলি থাকিব।

Previous Post

কাব্যঋষি নীলমণি ফুকন আৰু নাই

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

১ এপ্ৰিলৰ পৰা বাতিল হ’ব ১৫ বছৰ পুৰণি বাহন!

১ এপ্ৰিলৰ পৰা বাতিল হ'ব ১৫ বছৰ পুৰণি বাহন!

আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

প্ৰধানমন্ত্ৰীয়ে ৭১,০০০ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8