নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে জনবসতি পূৰ্ণ এলেকাৰে পাৱাৰ গ্ৰীড নামৰ এটা কোম্পানীয়ে হাই ভল্টেজৰ টাৱাৰ নিৰ্মাণৰ নামত শ শ মূল্যবান গছ কাটি ধ্বংস কৰাৰ কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আছুৱে। শুকুৰবাৰে গোগামুখ চেতিয়া গাওঁস্থিত গোগামুখৰ পৰা গেৰুকামুখ সংযোগী পথত মূল্যবান গছ কাটি থকাৰ অৱস্থাত গোগামুখ আছুৱে এই কাৰ্য বন্ধ কৰে।
ৰাজহুৱা জাননী অবিহনে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ কাৰ্যক অতিশীঘ্ৰে বন্ধ কৰাৰ দাবী তোলে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই। ইতিমধ্যে দুটাকৈ পাহাৰৰ গছ কাটি NHPC য়ে হাই ভল্টেজৰ টাৱাৰ বহাই বন ধ্বংস যজ্ঞ আৰম্ভ কৰাৰ লগতে ভিতৰুৱা গাৱঁৰ মাজেৰে বৃহৎ বৃহৎ টাৱাৰ বহাইছে পাৱাৰ গ্ৰীড নামৰ কোম্পানীটোৱে। ৰাজহুৱা সম্পত্তি ধ্বংস কৰি এই কাৰ্য চলিবলৈ দিয়া নহ’ব বুলি আছুৱে সকিয়নী প্ৰদান কৰে পাৱাৰ গ্ৰীডক।