মণিপুৰৰ সাম্প্ৰতিক বিস্ফোৰক পৰিস্থিতিক লৈ লোকসভাত সন্মিলিত বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ বিতৰ্কত উত্তৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰে। মোডীে প্ৰদান কৰা ২ ঘন্টা ১২ মিনিটৰ ভাষণত মণিপুৰে স্থান লাভ কৰে যদিও ভাষণৰ শেষৰ ফালেহে স্থান লাভ কৰাত ক্ষুন্ন হৈ পৰে বিৰোধী। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সদন ত্যাগ কৰে বিৰোধীয়ে। বিৰোধী শূণ্য নিম্ন সদনত পাছত মৌখিক ভোটত অগ্ৰাহ্য হয় বিৰোধীৰ অনাস্থা প্ৰস্তাৱ। তাৰপূৰ্বে সদনত অশোভনীয় পৰিস্থিতি সৃষ্টি কৰাৰ বাবে বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীক নিলম্বন কৰে লোকসভাৰ অধ্যক্ষই।
ভাষণৰ প্ৰায় ডেৰ ঘন্টাতকৈ অধিক সময় মোডীয়ে বিৰোধী, কংগ্ৰেছ, বিৰোধী মৰ্চা ইণ্ডিয়াক সমালোচনা কৰে। অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বিৰোধীক ইতিকিং কৰি মোডীয়ে কয় যে, অনাস্থা প্ৰস্তাৱত কিছুমান এনে বিচিত্ৰ দেখিছো যি আগতে কেতিয়াও দেখা নাই, শুনা নাই, কল্পনা কৰা নাই। সকলোতকৈ ডাঙৰ বিৰোধী দলৰ নেতাৰ নাম ভাষণৰ তালিতাক নাছিল। আগৰ উদাহৰণ চাওক। ১৯৯৯ ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আছিল। শাৰদ পাৱাৰে নেতৃত্ব দিছিল। ২০০৩ অটল বিহাৰীৰ চৰকাৰৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ নেতৃত্বত অনাস্থা প্ৰস্তাৱ আনিছিল।
বিৰোধীয়ে সদন ত্যাগ কৰাৰ পাছতেই মোডীয়ে উত্থাপন কৰিছিল মণিপুৰ প্ৰসংগ। মণিপুৰ সন্দৰ্ভত তেওঁ কৈছিল- মণিপুৰৰ লোক সকললৈ মোৰ বিশেষ আহ্বান। আপোনালোকক কব বিচাৰো দেশ আপোনালোকৰ লগত আছে। সদন আপোনালোকৰ আছে। আমি মিলি এই সমস্যাৰ সমাধান বিচাৰিম। মণিপুৰত আকৌ শান্তি স্থাপন কৰিম। বিশ্বাস দিব খোজো যে মণিপুৰে আকৌ বিকাশৰ বাবে তীব্ৰ গতিৰে আগবাঢ়িব। মোডীয়ে কয়, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হ’বলৈ গৈ আছে, ই এই উন্নয়নৰ কেন্দ্ৰবিন্দু হ’ব। সেইকাৰণে আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিছে। ন বছৰত, আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰিছো।