- অসমত আজি দ্বিতীয়টো দিন প্ৰধানমন্ত্ৰী মোডীৰ।
- পুৱাই কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- পৃথিৱীৰাজ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ।
- হাতী চাফাৰীৰ লগতে জীপ চাফাৰীও কৰে প্ৰধানমন্ত্ৰীয়ে।
- ইয়াৰ পিছতে তেওঁ উৰা মাৰিব অৰুণাচললৈ।
- ৮০০কোটি টকাৰে নিৰ্মিত চেলা সুৰংগ পথ উদ্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে।
- ইয়াৰ পিছতে ১২.৫বজাত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।
- তাৰ পিছতে ১২.১৫ৰ পৰা ১২.২৫বজাৰ ভিতৰত উদ্বোধন কৰিব মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি।
- তাৰ পিছতে ১২.৩০বজাত মেলেং মেটেলীৰ সভাস্থলীলৈ যাব তেওঁ।
- তাতো কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰাৰ পাছত ২বজাত অসম এৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।