ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে সুস্থিৰ হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এক নিৰ্দেশনাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত পূৰ্বে জাৰি কৰা নিৰ্দেশনা সলনি কৰি নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বহু শিথিলতা প্ৰদান কৰিছে।
আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থী তথা ৰাজনৈতিক দলবোৰে সভা আৰু ৰেলী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম পালন কৰিব নালাগে। দুৰ্যোগ প্ৰশমন বিভাগৰ নিয়ম অনুসৰিয়েই প্ৰাৰ্থী তথা দল বোৰে প্ৰচাৰ সভা আৰু ৰেলী অনুষ্ঠিত কৰিব পাৰিব। পূৰ্বে সভা অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত মাত্ৰ ৫০ শতাংশ ব্যক্তিৰ উপস্থিতিৰ হে নিৰ্দেশনা দিছিল আয়োগে।
আনহাতে পূৰ্বে আয়োগে ৰোড শ্ব’ত নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰিছে। আয়োগে নতুনকৈ জাৰি কৰা নিৰ্দেশনাত সকলো প্ৰাৰ্থী তথা ৰাজনৈতিক দলক দুৰ্যোগ প্ৰশমন বিভাগৰ নীতি নিয়ম অনুসৰি ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে।
উল্লেখ্য যে, ২২ জানুৱাৰীত আয়োগে সেই সময়ৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বিভিন্ন বাধা প্ৰদান কৰিছিল। কিন্তু বৰ্তমান ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হোৱাৰ বাবে সেই বাধা নিষেধবোৰ আঁতৰাই নতুন নিৰ্দেশনা প্ৰদান কৰিছে।