যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি যানবাহনৰ সকলো নথি-পত্ৰ যেনে পথ কৰ, ফিটনেছ, পাৰ্মিট, ইঞ্চুৰেঞ্চ, প্ৰদূষণমুক্তৰ প্ৰমানপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ আদি নৱীকৰণ নকৰা বাহনৰ বিৰুদ্ধে আৰম্ভ হ’ল “অভিযান ছাৰখাৰ ৩।” ইয়াৰ লগে লগে কৰ অনাদায়কে ধৰি যান-বাহন বিষয়ক বিভিন্ন কাম কাজৰ ক্ষেত্ৰত ৰাইজৰ অধিক ওচৰ চাপি যোৱাৰ লক্ষ্যৰে সমগ্ৰ মাৰ্চ মাহৰ বাবে “বিশেষ জনসেৱা” মাহৰ কাৰ্যসূচীয়ো আৰম্ভ হয় ৷ বিশেষ জনসেৱা মাহৰ আৰম্ভণিৰ দিনটোত সংস্পৰ্শবিহীন সেৱা “বাহন” আৰু “সাৰথি” পৰ্টেলযোগে যানবাহন বিষয়ক জনসাধাৰণৰ বিভিন্ন আৱেদন তথা ওজৰ আপত্তি সাপেক্ষে সেইসমূহ নিষ্পত্তি কৰি তাৎক্ষণিকভাৱে উন্নত সেৱা আগবঢ়াবলৈ চেষ্টা কৰা হয়। গুৱাহাটী মহানগৰ জিলাকে ধৰি অনান্য জিলাৰ পৰাও ফোনযোগে যানবাহনৰ বিভিন্ন ওজৰ আপত্তিৰ নিষ্পত্তিৰ বাবে অহা অনুৰোধ, আবেদন গ্ৰহণ কৰি সেইসমূহ তাৎক্ষণিক ভাবে সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী সময়ত বিশেষ জনসেৱা মাহত পূৰ্বে ঘোষণা কৰা অনুসৰি কেবল কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভুক্ত বাহনৰ সমস্যা সমাধানৰ বাবেহে প্ৰচেষ্টা চলোৱা হ’ব। জনসেৱা মাহত জনসাধাৰণৰ বিভিন্ন আবেদন যেনে বাহন চালনাৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ণ, বেংকৰ লোন আদায়ৰ নিষ্পত্তিকৰণ, কৰ পৰিশোধ, ফিটনেছ চাৰ্টিফিকেট আপডেট আদি বিভিন্ন বিষয়ৰ সমস্যাৰ তাৎক্ষণিক সমাধান, শুধৰণি তথা নিষ্পত্তিকৰণৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
কামৰূপ মহানগৰ জিলাত পঞ্জীয়নভূক্ত বাহনৰ বাবে ৯১২৭২০৬৮০৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮, ৮০১১৫৭৮৩৯৯ নম্বৰত ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ বিভাগৰ পৰা আহ্বান জনোৱা হৈছে। বিশেষ জনসেৱা মাহৰ সমান্তৰালভাৱে যানবাহনৰ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযান ছাৰখাৰ ৩ ত শুক্ৰবাৰে মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানসমূহত মাইকযোগে কৰ অনাদায়ী বাহনৰ গৰাকীক শীঘ্ৰে যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি নিজকে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে প্ৰতিপন্ন কৰাৰ বাবে আহ্বান জনোৱা হয়। ইফালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ সফল ৰূপ দিবলৈ সকলো শ্ৰেণীৰ যানবাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰাজপথত নিজৰ লগতে আন সকলোৰে বাবে সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ মাইকযোগে আহ্বান জনোৱা হয়।