গৰুখুঁটি প্ৰকল্পক লৈ সততে বিতৰ্ক হৈ থকা দেখা যায়। অলপতে শিৱসাগৰৰ বিৰোধী বিধায়ক অখিল গগৈয়ে গৰুখুঁটি প্ৰকল্পক লৈ সৰৱ হৈ পৰা দেখা গৈছিল। আৰু তাৰেই প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৈছে—
গৰুখুঁটি প্ৰকল্পই কেৱল যে আৰ্থিকভাৱেই লাভান্বিত কৰিছে তেনে নহয়; ই অসমীয়াৰ অন্তৰ্নিহিত স্বাভিমানক সমৃদ্ধিৰ বাট দেখুৱাইছে। বেদখলৰ পৰা ভূমি পুনৰুদ্ধাৰৰ প্ৰসংগই স্বকীয়ভাৱেই বহু কথা উপস্থাপন কৰে। মাননীয় বিধায়ক শ্ৰীপদ্ম হাজৰিকাই এই গৰুখুঁটি প্ৰকল্পৰ বাবে দৃষ্টান্তমূলক নিষ্ঠা প্ৰদৰ্শন কৰিছে। দীৰ্ঘম্যাদী আৰ্থিক লাভালাভ নিশ্চিতভাৱে বাস্তৱায়িত কৰা হ’ব যদিও আমি অসমীয়া জনসাধাৰণৰ গৌৰৱ আৰু প্ৰতিপত্তি ৰক্ষাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছোঁ৷ আৰ্থিক বিবেচনাতকৈ জাতিৰ মংগলক আমি সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ।