আন্দোলন অবৈধ আৰু অসাংবিধানিক! ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা ১৬টা দললৈ জাৰি কৰা হৈছে বিশেষ আইনী জাননী। ‘ইউনাইটেড অ’পজিচন ফ’ৰাম’ৰ অন্তৰ্গত ১৬টা দলে ১২ মাৰ্চৰ পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈ আহ্বান কৰা ‘সৰ্বাত্মক হৰতাল’ সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ)ৰ পৰা জাৰি কৰা হৈছে এই বিশেষ আইনী জাননী। এই নিৰ্দেশনাটোত স্পষ্ট ভাৱে কোৱা হৈছে যে আন্দোলন অবৈধ আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।
Lawful notices served by Assam Police to ensure that there is no damage to public property and risk to life of the people through any forceful agitation in the state. @assampolice @mygovassam pic.twitter.com/OCBS7QN5qJ
— DGP Assam (@DGPAssamPolice) March 12, 2024
এই জাননীখনত লিখিছে, “ইউনাইটেড অ’পজিচন ফ’ৰাম”ৰ দ্বাৰা প্ৰকাশিত ১১ মাৰ্চ, ২০২৪ তাৰিখৰ প্ৰেছ বিবৃত্তিৰ পৰা তলত স্বাক্ষৰকাৰীসকলৰ দৃষ্টিগোচৰ হৈছে যে আপোনালোক আৰু আপোনাৰ সংগঠনে ২০২৪ চনৰ ১২ মাৰ্চত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অসমত ‘সৰ্বাত্মক হৰতাল’ৰ আহ্বান জনাইছে। যিহেতু ‘সৰ্বাত্মক হৰতাল’ৰ ফলত ৰাজ্যখনৰ শান্তিপ্ৰেমী নাগৰিকৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাৰ লগতে শান্তি আৰু নিৰাপত্তা ভংগ হোৱাৰ সকলো সম্ভাৱনা আছে। ‘সৰ্বাত্মক হৰতাল’ৰ ফলত পথ অৱৰোধ, দোকান-পোহাৰ আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বলপূৰ্বক বন্ধ, ৰেলৱে/NHAIকে ধৰি ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত অত্যাৱশ্যকীয় সেৱা প্ৰদানত ব্যাঘাত জন্মে।
তদুপৰি, এনেধৰণৰ ‘সৰ্বাত্মক হৰতাল’ বুলি কোৱাৰ ফলত ঘাইপথ আৰু ৰে’লৱে ট্ৰেক অৱৰোধৰ সৃষ্টি হ’ব, যিটো ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়, মাননীয় কেৰালা উচ্চ ন্যায়ালয়ৰ লগতে মাননীয় গৌহাটী উচ্চ ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ দ্বাৰা অবৈধ আৰু অসাংবিধানিক বুলি ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে মাননীয় গৌহাটী উচ্চ ন্যায়ালয়ে ১৯/০৩/২০১৯ তাৰিখৰ ৰিট আবেদন(গ) ৭৫৭০/২০১৩ত গৃহীত কৰা নিৰ্দিষ্ট আদেশৰ প্ৰতি।
গতিকে ওপৰৰ কথাখিনি বিবেচনা কৰি তলত স্বাক্ষৰকাৰীয়ে আপোনাক আৰু আপোনাৰ সংস্থাক উক্ত ‘সৰ্বাত্মক হৰতাল’ প্ৰত্যাহাৰ কৰি ৰাজ্যখনৰ শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে, যিটো ব্যৰ্থ হ’লে আপোনাৰ বিৰুদ্ধে আপোনাৰ ব্যক্তিগত ক্ষমতাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তদুপৰি, জনাও যে যদি ‘সৰ্বাত্মক হৰতাল’ৰ বাবে ৰে’লৱে আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৰাজহুৱা/ব্যক্তিগত সম্পত্তিৰ কোনো ক্ষতি হয় বা কোনো নাগৰিকৰ আঘাত হয়, তেন্তে ভাৰতীয় দণ্ডবিধি (IPC) আৰু ক্ষতি প্ৰতিৰোধকে আইন (Prevention of Damage to Public Property Act, 1984)কে ধৰি বিভিন্ন আইনৰ উপযুক্ত বিধানৰ অধীনত উপযুক্ত আইনী ব্যৱস্থা আপোনাৰ বিৰুদ্ধে আৰম্ভ কৰা হ’ব আৰু ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিৰ মুঠ খৰচ আপোনাৰ আৰু আপোনাৰ সংস্থাৰ পৰা আদায় কৰা হ’ব।”