গৰুখুটি ঘটনাৰ প্ৰথম পৰ্যায়ৰ ৰাজহুৱা সাক্ষ্য গ্ৰহনৰ আজি সামৰণী পৰে। বি ডি আগৰৱালা তদন্ত আয়োগে মঙলদৈস্থিত আৱৰ্ত ভৱনত সকলোৰে লিখিত অভিযোগ গ্ৰহণ কৰে।
উল্লেখ্য যে, যোৱা ২৩ ছেপ্টেম্বৰৰ দিনাখন ঢলপুৰৰ গৰুখুটি অঞ্চলৰ চৰকাৰী ভুমিৰ পৰা একাংশ বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হোৱা কিছু অনাকাংশিত ঘটনাৰ ওপৰত অসম চৰকাৰে তদন্ত ঘোষনা কৰিছিল। তাৰেই অংশ স্বৰূপে আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি. ডি. আগৰৱালাৰ অধ্যক্ষতাত এজনীয়া তদন্ত আয়োগ পুনৰ দৰং জিলাত আহি উপস্থিত হয়।
দিনৰ ১১ বজাৰ পৰা মঙলদৈস্থিত আবৰ্ত ভৱনত অনুস্থিত মুকলি শুনানিত নিহত হোৱা ব্যক্তি সকলৰ নিকটাত্মীয়, দল সংগঠন আৰু স্থানীয় একাংশ ৰাইজে ঘটনা সন্দৰ্ভত আয়োগক লিখিত অভিযোগ দিয়ে। আজি ৪৩ খন লিখিত অভিযোগ আয়োগে গ্ৰহণ কৰে।
অভিযোগ প্ৰতি-অভিযোগ গ্ৰহনৰ পিচত অহা ১১ মাৰ্চত প্ৰথম পৰ্যায়ৰ শুনানীৰ দিন ধাৰ্য্য কৰা হৈছে।