উত্তৰ প্ৰদেশত আজি চতুৰ্থ পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈ আছে। ৰাজ্যখনৰ মুঠ ৯ খন জিলাৰ ৫৯ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত দিনৰ ১২ বজালৈকে ২২. ৬২ শতাংশ ভোটদান সাব্যস্ত হৈছে।
ইয়াৰ মাজতে, ৰাজ্যখনৰ লখিমপুৰ বিধানসভৈ সমষ্টিত দুটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। ১০৯ নম্বৰ বুথৰ এটা ই ভি এম মেচিনত কোনো দুস্কৃতিকাৰীয়ে ফেভিকুইক সুমুৱাই বিকল কৰি দিয়ে।
আনহাতে, লখিমপুৰৰ ৮৫ নম্বৰ বুথত ভোটদান য’তেই নকৰক কিয় ভোট পদুম ফুলৰ চিহ্নতেই পৰাৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰসকলৰ অভিযোগ, ই ভি এমত বুটাম টিপাৰ পিছতে ভোট পদুম ফুলৰ চিহ্নত পৰা দেখাইছে। এই অভিযোগৰ পিছতেই দুঘণ্টাৰ বাবে ভোটদান ব্যাহত হৈ পৰে। ভোটগ্ৰহণৰ দায়িত্বত থকা শীৰ্ষ বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈ নতুন ই ভি এম মেচিন সংস্থাপিত কৰে। ইয়াৰ উপৰিও আন কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে ই ভি এম।