হিজাব বিতৰ্কৰ ওপৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰে। ন্যায়ালয়ে কয় যে, হিজাব পৰিধান কৰাটো অনিবাৰ্য ধৰ্মীয় প্ৰথা নহয়। ইয়াৰ লগতে ন্যায়ালয়ে ইযাৰ ওপৰত নিষেধাজ্ঞা জাৰি ৰাখিছে। উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া সদস্যৰ এখন বিচাৰপীঠে কয় যে ইউনিফৰ্ম পৰিধান কৰাটো শিক্ষাৰ্থী সকলে অস্বীকাৰ কৰিব নোৱাৰে। ন্যায়ালয়ে মুছলিম যুৱতীৰ আৱেদন খাৰিজ কৰি কয় যে হিজাব পৰিধান কৰাটো এক বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়।”
ইয়াৰ পূৰ্বে, গোচৰটোৰ শুনানিৰ সময়ত কৰ্ণাটক চৰকাৰে আদালতত যুক্তি দিছিল যে হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয় আৰু ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে। হিজাব গোচৰৰ শুনানি গ্ৰহণ কৰি থকা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠত হাজিৰ হোৱা ৰাজ্যিক অধিবক্তা জেনেৰেল প্ৰভুলিঙ্গ নাভাদগীয়ে কৈছিল, “হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয়। ড০ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কৈছিল যে “আমি আমাৰ ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে”।
উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম কাজীৰ পূৰ্ণ বিচাৰপীঠ উডুপীৰ যুৱতীৰ আবেদনৰ শুনানিৰ বাবে গঠন কৰা হৈছিল। এই ছাত্ৰীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যে, তেওঁলোকক বিদ্যালয়ত ইউনিফৰ্মৰ লগতে হিজাব পিন্ধাৰ অনুমতি দিয়া হওঁক। তেওঁলোকে কৈছিল যে এয়া তেওঁলোকৰ ধৰ্মীয় আস্থাৰ অংশ।
আনহাতে, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।