আজি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আগন্তুক বাৰিষাৰ পূৰ্বে ৰাজ্যখনত বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাত সুবিধা হোৱাকৈ জিলাসমূহলৈ ফ্লাড ড্রিল শিতানৰ পুঁজি মুকলি কৰি দিবলৈ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলক নির্দেশ প্রদান কৰে।
মন্ত্ৰী গৰাকীয়ে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়ববীয়াৰে ৰাজ্যখনত মথাউৰিৰ নিৰ্মাণ আৰু সুৰক্ষা, খহনীয়া প্ৰতিৰোধৰ বাবে এছ ডি আৰ এফ, এছ অ’ পি ডি, এ ডি বি আদিৰ পুঁজিৰে চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ বিভাগীয় বিষয়াসকলক এই নির্দেশ প্রদান কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক বাৰিষাৰ সময়চোৱাত বানপানীয়ে অধিক ক্ষতিসাধন কৰিব পৰা এলেকা আৰু মথাউৰিসমূহ চিনাক্ত কৰি সেইসমূহৰ সুৰক্ষাৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে।
আলোচনা সভাত মন্ত্ৰীগৰাকীয়ে সকলো বিষয়াক বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি গ্ৰহণৰ সময়ত তেনে আঁচনিৰ সৈতে জড়িত সকলো দিশৰ পুংখানুপুংখ বিশ্লেষণ কৰি বিজ্ঞানসন্মতভাৱে কাম আগবঢ়াই নিবলৈ নির্দেশ প্রদান কৰাৰ লগতে আগন্তুক বৰ্ষত ৰাজ্যখনত খহনীয়া প্ৰতিৰোধ আৰু মথাউৰিৰ সুৰক্ষা কামৰ লগতে নতুন মথাউৰি নিৰ্মাণৰ কামক অগ্রাধিকাৰ প্ৰদান কৰিবলৈও জলসম্পদ বিভাগৰ অভিযন্তাসকলক নির্দেশ দিয়ে।