AIUDFৰ লগত মিত্ৰতা কৰি পাপ কৰিলো -এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে AIUDFৰ লগত মিত্ৰতা কৰাটো পাপ হৈছিল। পাপৰ ফল প্ৰত্যেকেই ভুগে। ব্যক্তিগত জীৱন হওক বা সামাজিক জীৱন বা ৰাজনৈতক দল যিয়ে যি কৰ্ম কৰিব ফল ভুগিব লাগিব। ভুল হৈছিল এই ভুল শুধৰাম এতিয়া। ৰাইজৰ ওচৰত গৈ ভুল স্বীকাৰ কৰিম আৰু ৰাইজে নিশ্চয় মানি লব।
ৰাইজেই সকলো বুলি মন্তব্য কৰি বৰাই কয় যে, এসময়ত সৰ্বানন্দ সোণোৱালে কব লগা হৈছিল মোক অকলশৰীয়া নকৰিব বুলি। আজি ৰাইজে চাই আছে। ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰে ভূপেন বৰাই।