বিটিচি পৰিষদীয় ভৱনত সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা BTCৰ বাজেট অধিবেশন মঙলবাৰে সামৰণি পৰে। বিত্তীয় বৰ্ষ ২০২২ -২৩ ৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কালি দাখিল কৰা বাজেট গৃহীত হয়। চলিত বিত্তীয় বৰ্ষত বিটিচিয়ে সৰ্বমুঠ ৩১৫৭.৬৬ কোটি টকাৰ বাজেট দাখিল কৰিছে। চলিত বিত্তীয় বৰ্ষত বিটিচিয়ে SOPDৰ পৰা ৭২২.৮৪ কোটি টকা লাভ কৰিব। অৱশ্যে সৰ্বমুঠ ৩১৫৭.৬৬ কোটি টকাৰ বাজেট দাখিল কৰিলেও বিত্তীয় বৰ্ষত ৩২৭১.৩১ কোটি টকা ব্যায় হিচাপে দেখুওৱা হৈছে যাৰ পৰিণতিত বাজেট ঘাটিৰ পৰিমাণ ১১৩.৬৫কোটি টকা হব।
উল্লেখ্য যে আজি সদনৰ কাৰ্যক্ৰমনিকা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। যোৱা বিত্তীয় বৰ্ষত(২০২১-২০২২) প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কিমানটা গৃহ নিৰ্মান কৰিলে বুলি বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীৰ এক অতিৰিক্ত প্ৰশ্নোত্তোৰত বিটিচিৰ উপমুখ্য কাৰ্যবাহী গোৱিন্দ বসুমতাৰীয়ে বৰ্তমানলৈকে এটাও আৰম্ভ কৰা নাই বুলি উত্তৰ দিয়ে। আনহাতে এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ এক প্ৰশ্নোত্তৰত বিটিআৰৰ অন্তৰ্গত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহত কৰ্মৰত টেট উত্তীৰ্ণ ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি বিটিচিৰ মুখ্য কাৰ্যবাহীয়ে সদৰি কৰিছে।
আনহাতে বিটিআৰৰ অন্তৰ্গত হাইস্কুল, হাইমাদ্ৰাছা, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমুহত গুণগত শিক্ষাৰ বাবে বিটিআৰত সুকীয়াকৈ টেট অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ জনোৱা হৈছে বুলি প্ৰশ্নোত্তৰত সদৰি কৰিছে প্ৰমোদ বড়োৱে। সদনত আজি বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে কেবাটাও প্ৰশ্নৰে শাসকীয় দলক শলঠেকত পেলায় আৰু দেৰহাছাৎ বসুমতাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।