অবৈধ ধন বিনিয়োগৰ গোচৰৰ অনুসন্ধান চলাই থকা এনফ’চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে Amway ইণ্ডিয়া এণ্টাৰপ্রাইজেছ প্রাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বুলি জানিব পৰা গৈছে।
EDয়ে জব্দ কৰা সম্পত্তিৰ ভিতৰত তামিলনাডুৰ দিনদিগুলস্থিত এমৱেৰ ভূমি আৰু ফেক্টৰীৰ অট্টালিকাৰ লগতে সা–সঁজুলি, যান–বাহন, বেংক একাউণ্ট আছে৷ ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তি আৰু ৩৬টা বেংক একাউণ্টৰ ৩৪৫.৯৪ কোটি টকা জব্দ কৰিছে৷