নিৰ্দিষ্ট কোনো ফৰ্মূলা নাই, বিশ্বকাপেই এতিয়া ভাৰতৰ মূল লক্ষ্য, এই মন্তব্য ৰাহুল দ্ৰাবিড়ৰ। শেহতীয়াকৈ, টি-২০ শৃংখলাৰ অন্তিমখন খেলত বিৰাট কোহলীৰ দৰে বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰৰ অবিহনে ভাৰতে ৱেষ্ট ইণ্ডিজক ৩-০ ৰ ব্যৱধানত জয়ী হৈছিল। ভাৰতৰ এই বিজয়ত সন্তুষ্ট ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। একে সময়তে ভাৰতীয় ক্ৰিকেটৰ ‘দ্য ৱাল’-এ আসন্ন টি-২০ বিশ্বকাপত কেনে ধৰণৰ দল বিচাৰে সেয়াও স্পষ্ট কৰি দিছে। বিশ্বকাপেই যে এতিয়া ভাৰতৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে সাম্প্ৰতিক ছবিবোৰেই ইয়াৰ প্ৰমাণ।
উল্লখ্য যে, অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ বিশ্বকাপলৈ মাজত মাথো ৮মাহ। বিগত বৰ্ষত টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লৈছিল ভাৰতে। সেয়েহে এইবাৰ নিৰন্তৰ প্ৰস্তুতি চলাই গৈছে ভাৰতে। দ্ৰাবিড়ে কয়, ‘ৰোহিত, নিৰ্বাচক আৰু টীম মেনেজমেণ্টৰ সৈতে এই বিষয়ে আলোচনা চলি আছে। আমাৰ নিৰ্দিষ্ট কোনো ফৰ্মূলা নাই। বিশ্বকাপেই আমাৰ লক্ষ্য। দলৰ ভাৰসাম্য কি দৰে ধৰি ৰাখিব লাগে সেয়া আমি ভালদৰে জানো। সেইবাবে এতিয়াৰে পৰা মই দলটো বেলেগ ধৰণে গঢ়ি তুলিব বিচাৰিছো আৰু সকলোৰে চাপ অলপ হ’লেও হ্ৰাস কৰিবলৈ চেষ্টা কৰি গৈছো।’
দ্ৰাবিড়ে লগতে কয়, ‘অষ্ট্ৰেলিয়াত প্ৰয়োজনীয় কেনেধৰণৰ দক্ষতা থকা দৰকাৰ সেয়া আমি জানো। কিন্তু মই এতিয়াই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। দলত স্থান লাভৰ বাবে প্ৰত্যেককে সুযোগ দিয়া হৈছে।’