দেওবাৰে গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ জামিন বিচাৰি আইনী যুঁজ দিবলৈ পাঁচজনীয়া অধিবক্তাৰ দল লগত লৈ কোকৰাঝাৰলৈ যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।
শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা, মনোজ ভাগৱতী সহ পাঁচজনীয়া অধিবক্তাৰ দল এটা লগত লৈ তেওঁ কোকৰাঝাৰলৈ ৰাওনা হ’ব জিগনেশ মেৱানীৰ জামিন বিচাৰিবলৈ ।
উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কৰা এটা টুইটৰ বাবেই কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল এইজন কংগ্ৰেছ বিধায়ক তথা দলিত নেতাক । কোকৰাঝাৰৰ এজন বিজেপি কৰ্মীয়ে ৰুজু কৰা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে জিগনেশ মেৱানীক ।
ইতিমধ্যে,অসমত কংগ্ৰেছ দলে মেৱানীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গুজৰাটতো অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ । তাৰ মাজতে কাইলৈ এইগৰাকী কংগ্ৰেছ বিধায়কে জামিন লাভ কৰিব নে নকৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে । প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে স্পষ্ট কৰি দিছে যে জিগনেশ মেৱানীৰ জামিন নহ’লে কংগ্ৰেছে ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব ।