আজি আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচনে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। অনুষ্ঠানটোৱে গুৱাহাটীৰ মালিগাঁওস্থিত দেৱকোটা নগৰত এটি বিনামূলীয়া স্বাস্থ্য সজাগতা আৰু চিকিৎসা শিবিৰৰ আয়োজন কৰে । শিবিৰটোত শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু ৰোগী সকলক বিনামূলী়য়াকৈ আয়ুৰ্বেদিক ঔষধো প্ৰদান কৰে ।
শিবিৰটোত আয়ুৰ্বেদিকৰ বিশিষ্ট চিকিৎসক ডাঃ দিপ্তি ৰেখা শৰ্মা, ডাঃ বিবেক শৰ্মা, ডাঃ পুনম শৰ্মা, ডাঃ সমীৰ চাপকোটা, ডাঃ মৃগাংক মিশ্ৰ, ডাঃ নবাৰুণ বসু, ডাঃ নিখিলেশ দাস আৰু ডাঃ সীমান্ত নাথে অংশগ্ৰহণ কৰে বুলি সন্থাটোৰ সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰী আৰু সভাপতি ডাঃ অৰবিন্দ দাসে এক বিবৃতি যোগে জনায়। দেৱকোটা নগৰ বাসী ৰাইজ এই চিকিৎসা শিবিৰৰ ফলত বহুত লাভৱান হোৱা বুলি জানিব পৰা গৈছে আৰু আগন্তুক দিনত এনে ধৰণৰ চিকিৎসা শিবিৰ আয়োজন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচন সন্থাটো আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঠিত এটি সামাজিক সংগঠন যিয়ে বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত বিনামূলীয়া চিকিৎসা শিবিৰৰ লগতে ৰাইজৰ সুবিধাৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ উপযোগিতাৰ বিষয়ে সভা সমিতি আয়োজন কৰি ৰাইজক সজাগ কৰি আহিছে।