বুধবাৰে মহিলা বিশ্বকাপ ২০২২ ত ইংলেণ্ডৰ মহিলা ক্ৰিকেটৰ দলৰ হাতত ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটো পৰাজিত হয়। উক্ত খেলখনত, ভাৰতীয় দলৰ পেচ বলাৰ ঝুলন গোস্বামীয়ে এক অভিলেখ গঢ়িবলৈ সক্ষম হয়।
এদিনতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫০ টা উইকেট দখল কৰা ঝুলন গোস্বামীয়ে বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মহিলা ক্ৰিকেটাৰৰ স্বীকৃতি লাভ কৰিছে। ঝুলনৰ বাহিৰে আন কোনো মহিলা ক্ৰিকেটাৰে এতিয়ালৈ ২০০ টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই।
ঝুলনৰ পিছতে ১৮০ টা উইকেটত তালিকাত নাম অন্তৰ্ভূক্ত দ্বিতীয় জন বলাৰ হৈছে কেথেৰিন ফিটজপেট্ৰিক। কেথেৰিনে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।