অসমৰ সাংবাদিক জগতখনলৈ অসমৰ ছগৰাকী সাংবাদিকে কঢ়িয়াই আনিলে ২০২০ বৰ্ষৰ লিংগ সংবেদনশীল লাডলী মিডিয়া আৰু বিজ্ঞাপন বঁটা ৷
এওঁলোক ক্ৰমে সাংবাদিক দিগন্ত শৰ্মা, ৰিণি বৰ্মন, জেষ্ঠ সাংবাদিক অলকানন্দ শ্ৰীকুমাৰী কাকতি, চিত্ৰলেখা বৰুৱা আৰু ৰিতু গগৈ ৷
সাংবাদিক দিগন্ত শৰ্মাৰ ‘সাদিন’ত প্ৰকাশিত ৰিপোৰ্ট “সামাজিক বাধা আঁতৰাই লিংগ সমতাৰ ভেঁটি নিৰ্মাণ “ –ৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷
সাংবাদিক ৰিণি বৰ্মনে তেওঁৰ প্ৰকাশিত প্ৰৱন্ধৰ বাবে এই বঁটা লাভ কৰে ৷
‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক অলকানন্দা শ্ৰীকুমাৰীয়ে তেওঁৰ প্ৰকাশিত প্ৰৱন্ধ ‘ মুকলি আকাশৰ তলত “ ৰচনাৰ বাবে লাভ কৰে এই বঁটা ৷
লেখিকা চিত্ৰলেখা বৰুৱাই ‘আসাম ট্ৰিবিউন’ত প্ৰকাশিত প্ৰৱন্ধৰ বাবে লাভ কৰে এই বঁটা ৷
আনহাতে ৯০.৪ এফ.এমৰ ৰেডিঅ’ সাংবাদিক ৰীতু গগৈয়ে তেওঁৰ অনুষ্ঠান ‘অংগনা’ৰ লাভ কৰে এই বঁটা৷