নিউজ ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত দ্ৰুত গতিত সংক্ৰমিত হৈছে বাৰ্ড ফ্লু ভাইৰাছ ৷
সেয়েহে বহিঃৰাজ্যৰ পৰা আমদানিকৃত কুকুৰা চৰাইৰ বিক্ৰীৰ ক্ষেত্ৰত সাময়িক ভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে ৷
পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত চৰকাৰৰ এই নিষেধাজ্ঞা বাহাল থাকিব অসমত ৷
এভিয়েন ইনফ্লুয়েঞ্জাৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৷
উল্লেখ্য, এভিয়েন ইনফ্লুয়েঞ্জাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই যোৱা কেইবা দিনৰ পৰা চিৰিয়াখানৰ জীৱ-জন্তুৰ বাবে কুকুৰাৰ মাংস দিয়া বন্ধ ৰাখিছে ৷