নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনাখন দেশৰ ৰাজধানীত তিনি কৃষি আইনৰ বাতিলৰ দাবীত কৃষকে কৰা হিংসাত্মক কাৰ্য-কলাপৰ বাবে এচামে সামাজিক মাধ্যমত ভূৱা বাতৰি প্ৰচাৰ কৰি আছে ৷
যাৰ বাবে সামাজিক মাধ্যম টুইটাৰত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা ভূৱা বাতৰি প্ৰচাৰ, উত্তেজনা সৃষ্টি কৰিব খোজা ৫৫০টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিছে ৷
উল্লেখ্য যে টুইটাৰ মুখপাত্ৰ এগৰাকী কয় যে, প্ৰযুক্তি আৰু মানুহৰ সহায়ত কৰা পৰ্যালোচনাৰ সহায়ত বৰ্তমান সময়ত পৰিস্থিতিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰখা হৈছে ৷
বৰ্তমান সময়লৈ প্ৰায় ৫৫০টা এনে একাউন্ট বন্ধ কৰা হৈছে ৷