অতি শীঘ্ৰেই নিৰ্মাণ হ’ব যোৰহাট-মাজুলী সংযোগী দলং ।
কেন্দ্ৰীয় পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে ঘোষণা কৰে এই কথা ।
ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনালে কেন্দ্ৰীয় পথ পৰিৱহন মন্ত্ৰালয়ে ।
দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিছে ৯২৫ কোটি টকা ।
M/S ইউ পি ষ্টেট ব্ৰীজ ক’ৰপোৰেচন ক দিয়া হৈছে নিৰ্মাণৰ দায়িত্ব।
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই দলং খনৰ দৈৰ্ঘ হ’ব ৮ কিলোমিটাৰ আৰু ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব দলং নিৰ্মাণৰ কাম ।
কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক লৈ উৎফুল্লিত ৰাজ্যবাসী ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আদৰণি জনাইছে কেন্দ্ৰৰ এই সিদ্ধান্তক ।
Amounting to ₹ 925 crore, the construction time of the 8 km long project is 4 years. The work has been awarded to M/s UP State Bridge Corporation Ltd.
— Chief Minister Assam (@CMOfficeAssam) February 8, 2021
photo: google