ক’ভিড আৰু লকডাউনৰ সময়ছোৱাত ছবি প্ৰেমী সকলে ঘৰতে ম’বাইল লেপটপত ছবি উপভোগ কৰাটো অলপ জটিল বিষয় হৈ পৰিছিল।
কিন্তু “বলীউদ ইচ কাম বেক,হিন্দী চিনেমা কাম বেক”।
অৰ্থাৎ চলিত বৰ্ষতে আপুনি আপোনাৰ মন পছন্দ প্ৰায় ১৫ খনকৈ বলীউদ ছবি উপভোগ কৰিব পাৰিব ছবিগৃহত আৰু এই ছবি সমূহৰ মুক্তিৰ তাৰিখ সমূহ ইতিমধ্যে প্ৰকাশ কৰা হৈছে।
ৰুহি (Roohi)
দিনেশ ভিজানৰ পৰিচালনা ৰাজকুমাৰ ৰাও, জাহ্নৱী কাপুুৰ আৰু বৰুণ শৰ্মা অভিনীত কমেডি ভূটৰ ছবি চলিত বৰ্ষৰ ১১ মাৰ্চত মুক্তি পাব।
চন্দিপ অ’ৰ পিংকি ফাৰাৰ (Sandeep Aur Pinky Faraar)
অৰ্জুন কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ অভিনীত আৰু পৰিচালক দিবাকৰ বেনাৰ্জীৰ ছবি চন্দিপ অ’ৰ পিংকী ফাৰাৰ মুক্তি পাব এই বৰ্ষৰ ১৯ মাৰ্চত।
বান্তী অ’ৰ বাবলী ২ (Bunty Aurr Babli 2)
ৰাণী মুখাৰ্জী আৰু শ্বেইফ আলী খান অভিনীত বান্তী অ’ৰ বাবলীৰ প্ৰথম খন ছবিৰ পাছত এইবাৰ দ্বিতীয় খন বান্তী অ’ৰ বাবলী ২ মুক্তি পাবলৈ গৈ আছে। ছবি খনত ৰাণী মুখাৰ্জী আৰু শ্বেইফ আলী খানৰ লগতে সিদ্ধান্ত চতুৰ্বেদী আৰু শ্ৰাৰ্ভাৰীক দেখিবলৈ পোৱা যাব। ছবি খন মুক্তি পাব চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৩ তাৰিখে।
সত্যমেৱ জয়তে ২ (Satyameva Jayate 2)
মিলাপ জাভেৰি নিৰ্দেশনা আৰু জন আব্ৰাহামৰ অভিনীত পুনৰ বাৰ ছবি প্ৰেমী মাজলৈ আহি আছে ন-ৰূপত এটি নতুন কাহিণীৰ সৈতে।ছবি খনত জন আব্ৰাহামৰ বিপৰীতে অভিনয় কৰিব দিব্যা খোচলা কুমাৰ আৰু মুক্তি পাব চলিত বৰ্ষৰ পৱিত্ৰ ঈদৰ ১৪ মে’ তাৰিখে।
ৰাধে (Radhe: Your Most Wanted Bhai)
প্ৰতিবছৰে ঈদত একোখনকৈ হিট ছবি দৰ্শকক উপহাৰ দিয়া চুপাৰষ্টাৰ চলমান খানে এইবাৰো ঈদৰ দিনাই মুক্তি দিব ৰাধে। ছবি খন মুক্তি পাব ১৩ মে’ত।
বেল বটাম (Bell Bottom )
অক্ষয় কুমাৰ অভিনীত স্পাই থ্ৰিলাৰ ছবি মুক্তি পাব চলিত বৰ্ষৰ ২৮ মে’ত। ছবি খনত অক্ষয়ৰ লগতে বাণী কাপুৰ,হোমা কুৰেছি,লাৰা দত্তা,দেনজিল স্মীথ আৰু অনিৰুদ্ধ দাভেক দেখা পোৱা যাব।
৮৩ (83)
কবিৰ খান নিৰ্দেশনা,ৰনবীৰ সিং,দিপীকা পাডুকন আৰু পংকজ ত্ৰিপাঠী অভিনীত ছবি ’83 মুক্তি পাব এই বৰ্ষৰ ৪ জুনত।
জুণ্ড (Jhund)
অমিতাভ বচ্চনৰ ফুটবল ড্ৰামা,নিৰ্দেশক নাগৰাজ মনজুলৰ ছবি Jhund মুক্তি পাব ১৮ জুনত।
আতৰাংগী ৰে (Atrangi Re)
আনন্দ এল ৰায়ৰ নিৰ্দেশনা অক্ষয় কুমাৰ,চাৰা আলী খান আৰু ধনুচ অভিনীত ছবি আতৰাংগী ৰে মুক্তি পাব এই বৰ্ষৰ ৬ আগষ্টত।
শামশ্বেৰা (Shamshera)
ৰনবীৰ কাপুৰ,সঞ্জয় দত্ত আৰু বাণী কাপুৰ অভিনীত শামশ্বেৰা মুক্তি পাব এই বৰ্ষৰ ২৫ জুনত।
পৃথ্ববীৰাজ (Prithviraj)
এই বৰ্ষত অক্ষয় কুমাৰ অভিনীত বহুকেইখন ছবি মুক্তিৰ পথত। পৃথ্বীৰাজ এখন অন্যতম ছবি যিখন এই বৰ্ষৰ শেষত নৱেম্বৰৰ ৫ তাৰিখে মুক্তি পাব।ছবি খনত অক্ষয়ৰ লগত পোন প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব মিছ ৱৰ্ল্ড মনুশী চিল্লাৰক।
PHOTO:- Google